নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰোগীৰ পেটত ওলাল ১ কিলোগ্ৰামতকৈ অধিক নট, স্ক্ৰু, চুৰি! হতবাক চিকিৎসক…

নিয়মীয়া বাৰ্তা, ৬ অক্টোবৰঃ পেটৰ বিষত চিকিৎসালয়ত ভৰ্তি হৈছিল ৰোগী। এক্স-ৰে কৰাত পোহৰলৈ আহে প্ৰকৃত সত্যটো। যি দেখি হতবাক হৈছিল চিকিৎসকসকলো। আচৰিত লাগিলেও এয়া সত্য যে ৰোগীজনৰ পেটৰ পৰা ওলাইছিল নাট, বল্ট’। অৰ্থাৎ পেট নহয় যেন এখন হাৰ্ডৱেৰ দোকানহে! এই অবাঞ্চক ঘটনাটোৰ স্থান হৈছে লিথুৱানিয়া (Lithuania)। দেশজুৰি এই ঘটনাই যথেষ্ট আলোড়নৰ সৃষ্টি কৰিছে।

এক আন্তৰ্জাতিক সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি, পেটৰ তীব্ৰ বিষত লিথুৱানিয়াৰ ক্লিপেডৰ বাল্টিক পোৰ্ট চিটি চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল এইজন ৰোগীক। চিকিৎসকসকলে প্ৰথমতে বিষৰ কাৰণ চিনাক্ত কৰিব পৰা নাছিল যদিও পিছত এক্স-ৰে কৰোতে তেওঁলোকৰ চকু কপালত উঠিল। কিয়নো ৰোগীজনৰ পেটত একাধিক ধাতুৰ সামগ্ৰী আছিল। পিছত ভালদৰে পৰীক্ষা কৰাত দেখা গৈছিল যে ৰোগীজনৰ পেটত নট, চুৰি, বল্ট’, স্ক্ৰু আছিল। যাৰ কিছুমানৰ দৈৰ্ঘ্য আছিল চাৰি ইঞ্চিৰো ওচৰত।

খবৰ অনুসৰি মানুহজন পূৰ্বে সুৰাৰ প্ৰতি আসক্ত আছিল। কিন্তু শেহতীয়াকৈ তেওঁ সুৰা ত্যাগ কৰিছিল আৰু ধাতুৰ সামগ্ৰী খোৱা আৰম্ভ কৰিছিল। অৱশ্যে ধাতুৰ সামগ্ৰী খোৱাটো এটা সময়ত তেওঁৰ অভ্যাসলৈ পৰিণত হ’ল। কিন্তু পাছত মানুহজনক পেটৰ বিষত চিকিৎসালয়ত ভৰ্তি কৰিব লগা হৈছিল।

প্ৰায় তিনি ঘণ্টাৰ অস্ত্ৰোপচাৰৰ পিছত চিকিৎসকসকলে ৰোগীজনৰ পেটৰ পৰা সকলো নট, স্ক্ৰু, চুৰি আতৰাবলৈ সক্ষম হৈছিল। সেইবোৰৰ ওজন ১ কিলোগ্ৰামতকৈ অধিক হোৱা দেখা যায়।

অৱশ্যে অস্ত্ৰোপচাৰৰ পিছত তেওঁ এতিয়াও সুস্থ বুলি চিকিৎসকে জনাইছে।

You might also like