নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছয়গাঁৱৰ বিশিষ্ট শিল্পী ভাস্কৰ বড়োৰ অকাল মৃত্যু

নিয়মীয়া বাৰ্তা, ৬ অক্টোবৰঃ দক্ষিণ কামৰূপৰ ছয়গাঁৱৰ বিশিষ্ট শিল্পী ভাস্কৰ বড়োৰ যোৱা নিশা মৃত্যু হোৱাৰ বাতৰিয়ে সমগ্ৰ অঞ্চলটোতে শোঁকৰ ছা পেলাইছে৷ দক্ষিণ কামৰূপৰ ছয়গাঁৱৰ এগৰাকী সু-অভিনেতা, কণ্ঠশিল্পীৰ লগতে বাদ্যশিল্পী ভাস্কৰ বড়োৱে যোৱানিশা ছয়গাঁৱৰ ওচৰৰ পানীখাইতিৰ এখন যাত্ৰাপাৰ্টিত আখৰা কৰি থকাৰ সময়তে হঠাৎ অসুস্থ হৈ পৰে।

লগে লগে তেওঁক ছয়গাঁৱৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ চিকিৎসাৰ বাবে নিয়া হয় যদিও তেওঁৰ অৱস্থা শোচনীয় হৈ পৰাত উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ নিয়াৰ পথত আদবাটতে তেওঁৰ মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৪৮ বছৰ।

উল্লেখ্য যে বড়োৱে দক্ষিণ কামৰূপৰ কেইবাখনো যাত্ৰাপাৰ্টিত অভিনয় কৰাৰ উপৰি গীত গোৱাৰ লগতে বাদ্যও বজাইছিল। তেওঁৰ মৃত্যত ছয়গাঁৱৰ বিষ্ণু জ্যোতি নাট্য গোষ্ঠীৰ প্ৰযোজক তথা সাংবাদিক বিপুল দাস,ছয়গাঁও শিল্পী সুৰক্ষা পৰিষদ, ছয়গাঁও শিল্পী সমাজকে ধৰি কেইবাটাও দল সংগঠনে তেওঁৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোক সন্তপ্ত পৰিয়াল বৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে।

আনহাতে পুৱা তেওঁৰ মৃতদেহটো ছয়গাঁও শিল্পী সমাজৰ কাৰ্যালয়লৈ আনি শেষ শ্ৰদ্ধা জ্ঞাপন কৰাৰ লগতে শোভাযাত্ৰাৰে তেওঁৰ ছয়গাঁৱৰ পৰা ঘৰলৈ লৈ যায়।

You might also like