বিশ্বৰ বৃহত্তম হেয়াৰবল আঁতৰালে জয়পুৰৰ চিকিৎসকে
🔹 ১৪ বছৰীয়া কন্যাৰ পাকস্থলীৰ হেয়াৰবলৰ সফল অস্ত্রোপচাৰ
নিউজ ডেস্ক, ১ জুন : ৰাজস্থানৰ জয়পুৰৰ চিকিৎসকৰ দল এটাই ১৪ বছৰীয়া কন্যাৰ পাকস্থলীৰ পৰা বিশ্বৰ বৃহত্তম হেয়াৰবল সফল অস্ত্রোপচাৰেৰে আঁতৰ কৰি নতুন বিশ্ব ৰেকর্ড গঢ়িলে৷ ১৪ বছৰীয়া কন্যাগৰাকীক পেটৰ প্রচণ্ড বিষ আৰু অনবৰতে বমি বমি ভাব আহি থকাৰ পৰিপ্রেক্ষিতত চিকিৎসালয়ত ভর্তি কৰোৱা হয়৷ চিকিৎসকে পৰীক্ষা–নিৰীক্ষাৰ অন্তত কন্যাগৰাকীৰ পাকস্থলীত ত্রিক’বেজৰ (হেয়াৰবল) থকাটো নিশ্চিত কৰে৷ ইয়াৰ পাছতে চিকিৎসকৰ দল এটাই জটিল অস্ত্রোপচাৰ কৰি ১৪ বছৰীয়া কন্যাগৰাকীৰ পাকস্থলীৰ পৰা বিশ্বৰ বৃহত্তম হেয়াৰবলটো সফলতাৰে আঁতৰাবলৈ সক্ষম হয়৷ আগ্রাৰ দশম শ্রেণীৰ ছাত্রীগৰাকীৰ পাকস্থলীৰ পৰা বৃহত্তম হেয়াৰবল সফলতাৰে আঁতৰোৱাটো হৈছে নতুন বিশ্ব অভিলেখ৷ ডাঃ জীৱন কাংকাৰিয়াৰ নেতৃত্বত ডাঃ ৰাজেন্দ্র বুগালিয়া, ডাঃ দেৱেন্দ্র চাইনী, ডাঃ অমিত আৰু ডাঃ সুনীল চৌহানৰ লগতে এনাস্থেছিয়াৰ দল এটাই এই অস্ত্রোপচাৰ প্রক্রিয়াত অংশগ্রহণ কৰে৷ চিকিৎসকৰ দলটোৱে প্রকাশ কৰা মতে, পাকস্থলীৰ পৰা হেয়াৰবলটো অস্ত্রোপচাৰ কৰি আঁতৰ কৰাটো অতিকৈ জটিল প্রক্রিয়া৷ কিয়নো এই হেয়াৰবলটো অস্ত্রোপচাৰৰ সময়ত অলপ অসাৱধান হ’লেই ভাঙি যাব পাৰে৷ উল্লেখ্য যে ১৪ বছৰীয়া কন্যাগৰাকীয়ে বিগত কেইবা বছৰ ধৰি মাটি, কাঠৰ টুকুৰা, সূতা আৰু চককে ধৰি বিভিন্ন সামগ্রী ভক্ষণ কৰি অহাৰ পৰিপ্রেক্ষিততে পাকস্থলীত এই হেয়াৰবলটোৰ সৃষ্টি হয়৷ ষষ্ঠ শ্রেণীৰ পৰাই ছাত্রীগৰাকীয়ে এনে সামগ্রী ভক্ষণ কৰি আছিল৷ শিশুৰ এইধৰণৰ খাদ্য সেৱন কৰাটো মানসিক স্বাস্থ্যৰ বিসংগতি৷ যাক পিকা বুলি কোৱা হয়৷ খাদ্যৰ বাবে অনুচিত সামগ্রীও এই ধৰণৰ শিশুৱে ভক্ষণ কৰে আৰু পিছলৈ জটিলতাত পৰে৷