নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চীনৰ য়ুলিন চহৰত অনুষ্ঠিত কুকুৰৰ মাংসৰ মহোৎসৱ

নিয়মীয়া বাৰ্তা, ২৩ জুনঃ চীনৰ কুখ্যাত কুকুৰৰ মাংসৰ মহোৎসৱ পুনৰ মুকলি হৈছে৷ বার্ষিক এই ১০ দিনীয়া কুকুৰৰ মাংসৰ মহোৎসৱ অনুষ্ঠিত হৈছে দক্ষিণ–পশ্চিম প্রান্তৰ চহৰ য়ুলিনত৷ বছৰি এই মহোৎসৱে হাজাৰ হাজাৰ লোকক আকর্ষণ কৰি আহিছে যদিও চৰকাৰে পশু কল্যাণৰ ক্ষেত্রত বিশেষ ব্যৱস্থা গ্রহণ কৰিব বুলি দিয়া প্রতিশ্রুতি বাৰে বাৰে ই ভংগ কৰি আহিছে৷

স্মর্তব্য যে বিশ্বজুৰি ক’ৰোনা ভাইৰাছ মহামাৰী বা ক’ভিড–১৯ৰ সংক্রমণে বিভীষিকাৰ সৃষ্টি কৰাৰ সময়তে এই কুকুৰৰ মাংসৰ বজাৰৰ পৰা মানুহৰ দেহলৈ বিভিন্ন ৰোগ বিয়পিব পাৰে বুলি পৰিৱেশ তথা বন্যপ্রাণী সুৰক্ষা কর্মীসকলে আশংকা কৰি আহিছে৷ ১০ দিনীয়া এই মহোৎসৱ অন্তিমবাৰৰ বাবে চীনত অনুষ্ঠিত হ’ব বুলি আশা প্রকাশ কৰিছে হিউমেন ছ’চাইটী ইণ্টাৰনেচনেল নামৰ বন্যপ্রাণী অধিকাৰ সংস্থাটোৰ চীনা নীতি নির্ধাৰক পিটাৰ লীয়ে৷

লক্ষণীয়ভাৱে এই মহোৎসৱ অনুষ্ঠিত কৰাৰ ক্ষেত্রত চৰকাৰে কোনোধৰণৰ নিষেধাজ্ঞা আৰোপ কৰা নাই৷ গতিকে বিশ্বজুৰি বিষয়টোক লৈ সৃষ্টি হৈছে প্রতিক্রিয়া৷

You might also like