নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

Doha Diamond League : কেৰিয়াৰশ্ৰেষ্ঠ প্ৰদৰ্শন কৰিও দ্বিতীয়ত নীৰজ

৯০.২৩ মিটাৰ থ্ৰ’ৰে নিজৰ কেৰিয়াৰৰ সৰ্বোত্তম প্ৰদৰ্শন আগবঢ়াইছে নীৰজে

নিউজ ডেস্ক, ১৭ মে’ : ইতিহাস সৃষ্টি কৰিলে নীৰজ চোপ্ৰাই। Doha Diamond League ডোহা ডায়মণ্ড লীগত নীৰজ চোপ্ৰাই ৯০ মিটাৰৰো অধিক দূৰত্বত জেভেলিন নিক্ষেপ কৰে। নীৰজে নিজৰ কেৰিয়াৰত প্ৰথমবাৰৰ বাবে তৃতীয়টো প্ৰচেষ্টাত ৯০.২৩ মিটাৰ জেভেলিন নিক্ষেপ কৰি এই কাম কৰে। অৱশ্যে ইয়াৰ পিছতো তেওঁ দ্বিতীয় স্থানত থাকিল।

জেভলিন নিক্ষেপত ৯০ মিটাৰতকৈ অধিক দূৰত্ব অতিক্ৰম কৰা বিশ্বৰ ২৬সংখ্যক খেলুৱৈ হিচাপে পৰিগণিত হৈছে নীৰজে। নীৰজ চোপ্ৰাই ৯০ মিটাৰতকৈ অধিক দূৰত্বত জেভলিন নিক্ষেপ কৰা তৃতীয়জন এছিয়ান খেলুৱৈ হিচাপে পৰিগণিত হৈছে। ৯০.২৩ মিটাৰ থ্ৰ’ৰে নিজৰ কেৰিয়াৰৰ সৰ্বোত্তম প্ৰদৰ্শন আগবঢ়াইছে নীৰজে।

নীৰজ চোপ্ৰাই নিজৰ কেৰিয়াৰৰ সৰ্বোত্তম স্ক’ৰ কৰিছিল যদিও তথাপিও এই ভাৰতীয় খেলুৱৈগৰাকীয়ে প্ৰথম স্থান লাভৰ পৰা বঞ্চিত হ’ল। ডায়মণ্ড লীগত দ্বিতীয় স্থান দখল কৰিবলৈ সক্ষম হৈছে নীৰজ চোপ্ৰাই। জাৰ্মানীৰ জুলিয়ান ৱেবাৰে Doha Diamond Leagueত প্ৰথম স্থান দখল কৰিছে। জুলিয়ান ৱেবাৰে ৯১.০৬ মিটাৰ দূৰত্বলৈ জেভেলিন নিক্ষেপ কৰি এই লীগৰ শীৰ্ষ স্ক’ৰ কৰে। আন এগৰাকী ভাৰতীয় খেলুৱৈ কিশোৰ জেনাই এই জেভেলিন নিক্ষেপ ইভেণ্টত অষ্টম স্থান দখল কৰে। কিশোৰে ৭৮.৬০ মিটাৰত জেভেলিন নিক্ষেপ কৰি সৰ্বোত্তম স্ক’ৰ দিয়ে।

ভাৰতৰ গল্ডেন বয় নীৰজ চোপ্ৰাই প্ৰথম প্ৰচেষ্টাত ৮৮.৪৪ মিটাৰ নিক্ষেপ কৰিছিল যদিও তৃতীয়টো প্ৰচেষ্টাত ৯০.২৩ মিটাৰ জেভেলিন থ্ৰ’ নিক্ষেপ কৰি নীৰজে নিজৰ জয় প্ৰায় নিশ্চিত কৰিছিল। কিন্তু জাৰ্মানীৰ জুলিয়ান ৱেবাৰে নিজৰ অন্তিম প্ৰয়াসত ৯১.০৬ মিটাৰ জেভেলিন নিক্ষেপ কৰি নীৰজ চোপ্ৰাক পৰাস্ত কৰি প্ৰথম স্থান দখল কৰে। গ্ৰেনাডাৰ পিটাৰ্ছ এণ্ডাৰছনে Doha Diamond League ডোহা ডায়মণ্ড লীগত তৃতীয় স্থান দখল কৰে। এই খেলুৱৈগৰাকীয়ে ৮৫.৬৪ মিটাৰ জেভেলিন নিক্ষেপ কৰিছিল।

You might also like