পৰ্ন ষ্টাৰৰ মুখ বন্ধ ৰাখিবলৈ বুজন পৰিমাণৰ ধন আদায় ডনাল্ড ট্রাম্পৰ
বিশেষ বাৰ্তা, ৩১ মার্চ : আমেৰিকাৰ প্রাক্তন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্প অপৰাধমূলক গোচৰৰ সন্মুখীন হ’ব৷ দেশখনৰ ইতিহাসত প্রথমগৰাকী প্রাক্তন ৰাষ্ট্রপতি হিচাপে ট্রাম্পে অপৰাধমূলক গোচৰত জৰিত হোৱাৰ বাবে আদালতৰ কাঠগড়াত থিয় দিব লাগিব৷ ২০১৬ চনত আমেৰিকা যুক্তৰাষ্ট্রৰ ৰাষ্ট্রপতি নির্বাচনৰ সময়ত ড’নাল্ড ট্রাম্পে পৰ্ন ষ্টাৰ ষ্টর্মী ডেনিয়েলৰ সৈতে থকা সম্পর্ক গোপনে ৰাখিবলৈ পৰ্ন ষ্টাৰ ডেনিয়েলক বুজন পৰিমাণৰ ধন আদায় দিয়াৰ অভিযোগত অপৰাধমূলক গোচৰৰ সন্মুখীন হ’ব লাগিব৷ বহু বিতর্কিত প্রাক্তন মার্কিন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে নির্বাচনত প্রতিদ্বন্দ্বিতা আগবঢ়োৱাৰ পূর্বে প্রতিষ্ঠিত ব্যৱসায়ী হিচাপে ২০০৬ চনত প’ণষ্টাৰ ষ্টর্মী ডেনিয়েলৰ সৈতে সম্পর্ক গঢ়িছিল৷ ৬০ বছৰীয়া ট্রাম্পে ২৭ বছৰীয়া পৰ্ন ষ্টাৰ ষ্টর্মীৰ সৈতে শাৰীৰিক সম্পর্ক গঢ়িছিল ২০০৬ চনত এখন গ’ল্ফ প্রতিযোগিতাৰ পাছত হোটেলৰ কোঠাত৷ এই বিষয়টোক লৈ পৰ্ন ষ্টাৰ ষ্টর্মীয়ে এখন মেগাজিনত ড’নাল্ড ট্রাম্পৰ সৈতে হোৱা সম্পর্কৰ কথা অৱগত কৰিছিল যদিও মেগাজিনখনৰ বিৰুদ্ধে ড’নাল্ড ট্রাম্পে গোচৰ তৰিম বুলি কোৱাৰ পাছত সেই কথোপকথন প্রকাশ কৰা নাছিল৷ ২০১৬ চনত ড’নাল্ড ট্রাম্পে আমেৰিকাৰ ৰাষ্ট্রপতি পদৰ নির্বাচনত প্রতিদ্বন্দ্বিতা আগবঢ়োৱাৰ সময়ত ট্রাম্পৰ অধিবক্তা মাইকেল ক’হেনে ট্রাম্পৰ সৈতে সম্পর্কৰ কথা পৰ্ন ষ্টাৰ ষ্টর্মীক প্রকাশ নকৰিবলৈ তথা এই সম্পর্কক লৈ মুখ বন্ধ কৰিবলৈ ১.৩০ লাখ মার্কিন ডলাৰ আদায় দিছিল৷ ইয়াৰ কিছুদিন পাছতেই ড’নাল্ড ট্রাম্প আমেৰিকাৰ ৰাষ্ট্রপতি হিচাপে নির্বাচিত হয়৷ ৰাষ্ট্রপতি হৈ থকা অৱস্থাতেই ট্রাম্পৰ বিৰুদ্ধে প’ন ষ্টাৰ ষ্টর্মীৰ সৈতে সম্পর্কক লৈ ৱাল ষ্ট্রীট জার্নেলত প্রতিবেদন প্রকাশ কৰা হয়৷ এই প্রতিবেদনত ২০১১ চনত মেগাজিন এখনত সম্পর্কৰ বিষয়ে প্রতিবেদন প্রকাশত অধিবক্তা ক’হেনে হেঁচা প্রয়োগ কৰা বুলি প্রকাশ পায়৷ এই ৱাল ষ্ট্রীট জার্নেলত প্রতিবেদন প্রকাশ পোৱাৰ পাছত ড’নাল্ড ট্রাম্পে পৰ্ন ষ্টাৰ ষ্টর্মীৰ সৈতে সম্পর্কৰ কথা অস্বীকাৰ কৰে৷ তেনেদৰে ক’হেনেও টকা আদায় দিয়া বিষয়টো অস্বীকাৰ কৰে৷ পৰৱর্তী সময়ত কৰ ফাঁকিৰ বাবে অধিবক্তা ক’হেন দোষী সাব্যস্ত হয় আৰু তিনি বছৰৰ কাৰাদণ্ডৰ শাস্তিৰ সন্মুখীন হয়৷ এই সময়ছোৱাতেই ক’হেনে ট্রাম্পে টকা আদায় দিবলৈ নির্দেশ দিয়া বুলি স্বীকাৰ কৰে৷ ২০১৯ চনত মানহাটান ডিষ্ট্রিক এটর্নীয়ে ট্রাম্প প্রশাসনৰ বিৰুদ্ধে প্রৱঞ্চনাৰ অভিযোগৰ তদন্ত আৰম্ভ কৰে৷ পৰৱর্তী ২০২০ চনত ড’নাল্ড ট্রাম্প ৰাষ্ট্রপতি নির্বাচনত পৰাজিত হয়৷ বহু বিতর্কিত প’ন ষ্টাৰক ধন আদায় দিয়া বিষয়টো ২০২৩ চনত তদন্তৰ অন্তত আদালতে ট্রাম্পে প’ন ষ্টাৰক ধন আদায় দিয়াৰ তথ্য লাভ কৰে৷ ১৫ মার্চত ক’হেনক তিনি ঘণ্টা ধৰি তদন্তকাৰী সংস্থাই সোধা–পোছা কৰে আৰু ১৮ মার্চত ট্রাম্পে নিজেই ছ’চিয়েল মিডিয়াযোগে তেওঁ গ্রেপ্তাৰ হ’ব বুলি প্রকাশ কৰে৷ পৰ্ন ষ্টাৰক ধন আদায় দিয়া সন্দর্ভত ইতিমধ্যে নিউয়র্কৰ আদালতে ড’নাল্ড ট্রাম্পক অভিযুক্ত কৰিছে৷ পৰৱর্তী সপ্তাহত আদালতত পৰ্ন ষ্টাৰক ধন দিয়া অপৰাধমূলক গোচৰৰ বাবে প্রাক্তন ৰাষ্ট্রপতি ট্রাম্প হাজিৰ হ’ব লাগিব৷ উল্লেখ্য যে ব্যৱসায়িক লেনদেন হিচাপে অন্তর্ভুক্ত কৰাৰ বাবেই ট্রাম্প অভিযুক্ত হৈছে৷ পৰ্ন ষ্টাৰক ধন আদায় দিয়াটো বৈধ যদিও মিছাৰে ব্যৱসায়িক লেনদেন বুলি অন্তর্ভুক্ত কৰাটো বেআইনী৷ এনে কাৰণতে প্রাক্তন ৰাষ্ট্রপতি ট্রাম্প নিউয়র্কৰ আদালতত অপৰাধমূলক গোচৰৰ সন্মুখীন হ’ব লাগিব৷