নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যৌন কেলেংকাৰিত পুনৰ নাম সাঙোৰ খাইছে ড’নাল্ড ট্রাম্পৰ

বিশেষ বাৰ্তা, ২৭ এপ্রিলঃ পর্ন তাৰকাক ধন আদায় দি প্রতীকী গ্রেপ্তাৰ হৈ বর্তমান আদালতত বিচাৰাধীন হৈ থকা মার্কিন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্প আন এটা যৌন কেলেংকাৰিত সাঙোৰ খাই পৰিছে৷ পর্ন তাৰকাৰ গোচৰত অভিযুক্ত আমেৰিকা যুক্তৰাষ্ট্রৰ প্রাক্তন ৰাষ্ট্রপতি ট্রাম্পক লৈ বিশ্বজুৰি প্রতিক্রিয়া মাৰ নৌযাওঁতেই এইবাৰ ৭৯ বছৰীয়া স্তম্ভ লেখক এগৰাকীয়ে ট্রাম্পৰ বিৰুদ্ধে যৌন নির্যাতনৰ অভিযোগ উত্থাপন কৰিছে৷ স্তম্ভ লেখক ই জীন কেৰলে অভিযোগ কৰা মতে, ১৯৯৬ চনত ড’নাল্ড ট্রাম্পে তেওঁক শ্বপিং মলৰ বেৰত হেঁচা মাৰি ধৰাৰ লগতে ড্রেছিং ৰুমত যৌন নির্যাতন চলাইছিল৷ তিনি দশক পূর্বে ট্রাম্পৰ সৈতে হোৱা সাক্ষাতৰ পিছত ট্রাম্পে তেওঁক এগৰাকী মহিলাৰ বাবে শ্বপিং মললৈ লৈ যায় আৰু তাতেই তেওঁ সাবটি ধৰি বেৰত হেঁচা মাৰি ধৰাৰ লগতে ড্রেছিং ৰুমত যৌন নির্যাতন চলায়৷ ড্রেছিং ৰুমত কেইমিনিটৰ বাবে ট্রাম্পে যৌন নির্যাতন চলায়৷ এই গুৰুতৰ অভিযোগ স্তম্ভ লেখক কেৰলৰ অধিবক্তাই প্রকাশ কৰিছে৷ ট্রাম্পে শ্বপিং মলত যৌন নির্যাতন চলোৱা ঘটনাৰ পিছতেই কেৰলৰ জীৱন সলনি হৈছিল বুলি অধিবক্তাগৰাকীয়ে মন্তব্য কৰিছে৷ মন কৰিবলগীয়া যে স্তম্ভ লেখক ই কেৰলে ড’নাল্ড ট্রাম্পে যৌন নির্যাতন চলোৱা বুলি অভিযোগ উত্থাপন কৰিছে যদিও প্রাক্তন ৰাষ্ট্রপতি ট্রাম্পে এই অভিযোগ খণ্ডন কৰিছে৷ ট্রাম্পে অভিযোগ খণ্ডন কৰি কয় যে স্তম্ভ লেখক কেৰলে তেওঁৰ গ্রন্থৰ বিক্রী বৃদ্ধি কৰিবলৈ এনেধৰণৰ অভিযোগ উত্থাপন কৰিছে৷ আনকি ট্রাম্পে ধন লাভ আৰু মর্যাদা, ৰাজনৈতিক কাৰণতেই এনেধৰণৰ অভিযোগ কেৰলে আনিছে বুলি মন্তব্য কৰিছে৷ ট্রাম্পৰ বিৰুদ্ধে যৌন নির্যাতনৰ অভিযোগ ইতিমধ্যে স্তম্ভ লেখক কেৰলে আদালতত ৰুজু কৰিছে৷ শীঘ্রেই এই সন্দর্ভত আদালতত আইনী প্রক্রিয়া আৰম্ভ হোৱাৰ সম্ভাৱনা আছে৷

You might also like