‘শুল্ক যুদ্ধ’ অৱসানৰ ইংগিত ড’নাল্ড ট্রাম্প-ৰ
নিউজ ডেস্ক, ২৫ এপ্রিল : ‘শুল্ক যুদ্ধ’ অৱসানৰ ইংগিত ড’নাল্ড ট্রাম্প-ৰ। অৱশেষত সুৰ সলনি হৈছে মার্কিন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্প-ৰ৷ চীনৰ সৈতে চলি থকা শুল্ক যুদ্ধ-ৰ অৱসান ঘটোৱাৰ বার্তা দিছে মার্কিন ৰাষ্ট্রপতিগৰাকীয়ে৷শেহতীয়াকৈ ড’নাল্ড ট্রাম্প-এ উল্লেখ কৰিছে যে চীনা সৈন্যৰ ওপৰত শুল্কৰ পৰিমাণ যথেষ্ট হ্রাস কৰিব পাৰে আমেৰিকাই৷ কিন্তু শুল্ক কেতিয়াও শূন্য নহ’ব বুলি ঘোষণা কৰিছে ৰাষ্ট্রপতিগৰাকীয়ে৷ হোৱাইট হাউছৰ অ’ভেল অফিচত সংবাদ মেলত এই মন্তব্য কৰিছে ট্রাম্পে ৷
ট্রাম্পৰ এই বার্তাৰ পাছতে আমেৰিকাৰ শ্বেয়াৰ বজাৰলৈ ঘূৰি আহিছে আশা৷ সংবাদ সংস্থাৰ প্রতিবেদন অনুসৰি, বিশ্বৰ দুই বৃহত্তম অর্থনৈতিক শিবিৰৰ বুজাবুজিৰ বার্তাৰ ফলতেই পৰহি ঊর্ধ্বমুখী হৈছে শ্বেয়াৰ বজাৰ৷
স্মর্তব্য যে কেইবাটাও পর্যায়ত চীনা পণ্যৰ ওপৰত শুল্ক আৰোপ কৰিছিল মার্কিন ৰাষ্ট্রপতি ট্রাম্পে৷ ট্রাম্পৰ এনে একপক্ষীয় সিদ্ধান্তক প্রত্যাহ্বান জনাই চীনেও আমেৰিকান সামগ্রীৰ ওপৰত শুল্ক বৃদ্ধি কৰিছিল৷ চীনা সামগ্রীৰ ওপৰত ট্রাম্পে নজিৰবিহীন হাৰত শুল্ক ২৪৫ শতাংশলৈ বৃদ্ধি কৰিছিল৷ প্রত্যুত্তৰত চীনে আমেৰিকান সামগ্রীৰ ওপৰত প্রতিশুল্ক আৰোপ কৰিছিল ১২৫ শতাংশ৷