নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এবিচি নিউজৰ পৰা ১২৭ কোটি টকা লাভ কৰিব ড’নাল্ড ট্রাম্পে

🔹 বাতৰি পৰিৱেশকৰ ধর্ষণৰ অভিযোগৰ মানহানি গোচৰ

নিউজ ডেস্ক, ১৬ ডিচেম্বৰ : এবিচি নিউজৰ বাতৰি পৰিৱেশক জর্জ ইষ্টেফানোপ’লছে প্রাক্তন মার্কিন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে লেখিকা ইজন কেৰ’লক ধর্ষণ কৰা বুলি নিশ্চিত বাতৰি প্রেৰণ কৰাৰ মানহানি গোচৰত জয়লাভ কৰিছে৷ এই মানহানি গোচৰ সূত্রে এবিচি নিউজৰ পৰা ১২৭ কোটি টকা লাভ কৰিব নির্বাচিত মার্কিন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে৷ উল্লেখ্য যে যোৱা ১০ মার্চত বাতৰি পৰিৱেশক জর্জে প্রাক্তন ৰাষ্ট্রপতি ট্রাম্পে লেখিকাগৰাকীক ধর্ষণ কৰাৰ বাবে জগৰীয়া বুলি প্রচাৰ কৰিছিল৷ এই বাতৰি সন্দর্ভত ট্রাম্পে আইনী ব্যৱস্থাৰ সহায় লৈ মানহানি গোচৰ ৰুজু কৰে৷ এই মানহানি গোচৰত জয়লাভ কৰা নির্বাচিত ৰাষ্ট্রপতি ট্রাম্পক এবিচি নিউজে ১২৭ কোটি টকা দিব লাগিব৷ এবিচি নিউজে ৱেবছাইটযোগে এই সন্দর্ভত আনুষ্ঠানিকভাৱে প্রকাশ কৰিছে৷ আনকি মিডিয়া নেটৱর্কটোৱে ট্রাম্পৰ আইনী মাচুল হিচাপে অধিবক্তাক এক নিযুত মার্কিন ডলাৰো আদায় দিছে৷ এবিচিয়ে এই ধনখিনি নির্বাচিত ৰাষ্ট্রপতি ট্রাম্পৰ পুথিভঁৰালৰ ন্যাসলৈ আগবঢ়াব৷ এবিচি নিউজৰ মুখপাত্র জিনি কেডাছে প্রকাশ কৰা মতে, এই সন্দর্ভত দুয়োপক্ষই চুক্তিত স্বাক্ষৰ কৰিছে৷

You might also like