পৰাজয় সত্ত্বেও ছেমিফাইনেলত প্রৱেশ বার্চিলোনা-পিএছজিৰ
🔹 উৱেফা চেম্পিয়নছ লীগৰ পৰা বাহিৰ ড’ৰ্টমুণ্ড–এষ্টন ভিল্লা
নিউজ ডেস্ক, ১৭ এপ্রিল : উৱেফা চেম্পিয়নছ লীগৰ কোৱার্টাৰ ফাইনেলৰ দ্বিতীয় লেগত পৰাস্ত হৈও ছেমিফাইনেলত স্থান সুৰক্ষিত কৰিলে বার্চিলোনাৰ লগতে পেৰিছ ছেইণ্ট জার্মেইনে৷ ড’ৰ্টমুণ্ডত মঙলবাৰে নিশা অনুষ্ঠিত কোৱার্টাৰ ফাইনেলৰ দ্বিতীয় লেগৰ মেচখনত বার্চিলোনাই ঘৰুৱা দলটোৰ হাতত ১–৩ গ’লত পৰাস্ত হয় যদিও প্রথম লেগৰ মেচখনত বার্চিলোনাই ড’ৰ্টমুণ্ডক ৪–০ গ’লত পৰাস্ত কৰিছিল৷ ফলত সামগ্রিকভাৱে বার্চিলোনাই ৫–৩ গ’লত জয়লাভ কৰি ছেমিফাইনেলত প্রৱেশ কৰে৷ উল্লেখ্য যে বিগত ছয়টা ছিজনৰ পাছত বার্চিলোনাই প্রথমবাৰৰ বাবে চেম্পিয়নছ লীগৰ অন্তিম চাৰিত প্রৱেশ কৰে৷ পৰহি নিশাৰ মেচখনৰ ১১ মিনিটত গ’ল স্ক’ৰ কৰি ড’ৰ্টমুণ্ডে অগ্রগতি লাভ কৰে৷ ইফালে, দ্বিতীয়ার্ধৰ ৪ মিনিটত ঘৰুৱা দলটোৱে ২–০ৰ অগ্রগতি লাভ কৰে৷ অৱশ্যে ৫৪ মিনিটত ড’ৰ্টমুণ্ডে এক আত্মঘাতী গ’লৰ সন্মুখীন হোৱাত বার্চিলোনাই গ’লৰ ব্যৱধান ২–১লৈ হ্রাস কৰে যদিও ৭৬ মিনিটত ড’ৰ্টমুণ্ডে আন এক গ’ল স্ক’ৰ কৰি মেচখনত ৩–১ গ’লত জয়লাভ কৰে৷ উল্লেখ্য যে ড’ৰ্টমুণ্ডৰ হৈ তিনিওটা গ’ল স্ক’ৰ কৰি হেটট্রিক অর্জন কৰে ছেৰহ’উ গুইৰাছিয়ে৷ ইফালে, পেৰিছ ছেইণ্ট জার্মেইনে এষ্টন ভিল্লাক সামগ্রিকভাৱে ৫–৪ গ’লত পৰাস্ত কৰি ছেমিত প্রৱেশ কৰে৷ ভিল্লা পার্কত মঙলবাৰে নিশা অনুষ্ঠিত দ্বিতীয় লেগৰ মেচখনত পিএছজিয়ে ঘৰুৱা দল এষ্টন ভিল্লাৰ হাতত ৩–২ গ’লত পৰাস্ত হয়৷ অৱশ্যে প্রথম লেগৰ মেচখনত পিএছজিয়ে এষ্টন ভিল্লাক ৩–১ গ’লত পৰাস্ত কৰাৰ সুবাদত অন্তিম চাৰিত স্থান নিশ্চিত কৰে৷