দক্ষিণ আফ্রিকাত মৌ–মাখিৰ কামোৰত ৬৩টা পেংগুইনৰ মৃত্যু
নিয়মীয়া বাৰ্তা, ২১ ছেপ্টেম্বৰঃ দক্ষিণ আফ্রিকাত অতি দুষ্প্রাপ্য হিচাপে পৰিচিত ৬৩টা পেংগুইনৰ মৃত্যু হৈছে মৌ–মাখিৰ কামোৰত৷ পক্ষী সংৰক্ষণবিদসকলে সংবাদ মাধ্যমক জনাইছে এই তথ্য৷
কেপটাউনৰ সমীপৰ ছাইমনছ টাউনত সংঘটিত হৈছে এই অভাৱনীয় ঘটনা৷ মৃত পেংগুইনবোৰৰ শৰীৰত মৌ–মাখিয়ে শুং বহুৱাই দিয়াৰ চিহ্ণ স্পষ্ট হৈ আছে৷ লক্ষণীয়ভাৱে বিশ্বৰ পর্যটকৰ আকর্ষণৰ কেন্দ্রবিন্দু বল্ডার্ছ বীচ্চত সংঘটিত হৈছে এই শোকাৱহ কাণ্ড৷ প্রতি বছৰে এই বলুকা পর্যটন ক্ষেত্রলৈ আগমন ঘটে ৬০ সহস্রাধিক পর্যটকৰ৷
মৌ–মাখিয়ে কিয় এনেদৰে পেংগুইনবোৰক আক্রমণৰ লক্ষ্য কৰি ল’লে সেই কথা এতিয়াও জানিবলৈ সক্ষম হোৱা নাই গৱেষকসকল৷