নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আলফাৰে আলোচনাৰ প্রাৰম্ভিক কথা পতাৰ দায়িত্ব ড০ শর্মাক

নিয়মীয়া বাৰ্তা ২১ ছেপ্টেম্বৰঃ আলফাৰে বহুচর্চিত শান্তি আলোচনা প্রক্রিয়াৰ প্রাৰম্ভিক কথা–বতৰা পাতিবলৈ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাক দায়িত্ব দিছে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে৷ সোমবাৰে এদিনীয়া ভ্রমণসূচীৰে নতুন দিল্লীত উপস্থিত হোৱা মুখ্যমন্ত্রী ড০ শর্মাই কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰে এক গুৰুত্বপূর্ণ বৈঠকত মিলিত হয়৷ আলফা–চৰকাৰৰ শান্তি আলোচনা, অসমৰ সমষ্টি পুনৰ নির্ধাৰণ, ৰাষ্ট্রীয় নাগৰিকপঞ্জী (এনআৰচি), পেণ্ডিং প্রজেক্টকে ধৰি বহুকেইটা বিষয়ে এই বৈঠকত স্থান লাভ কৰে৷ কেন্দ্রীয় গৃহমন্ত্রী শ্বাহৰ চৰকাৰী বাসভৱনত অনুষ্ঠিত প্রায় দুঘণ্টাজোৰা বৈঠকৰ অন্তত অসম হাউছত এখন সংবাদ মেল সম্বোধন কৰি মুখ্যমন্ত্রী ড০ শর্মাই আলফাৰে বহুচর্চিত শান্তি আলোচনা সন্দর্ভত কয়– যদি আমি ৰাজ্য চৰকাৰে কিবাপ্রকাৰে আলোচনা আগবঢ়াই নিব পাৰোঁ, তেন্তে প্রাৰম্ভিক কথাখিনি পতাৰ বাবে কেন্দ্রীয় গৃহমন্ত্রী শ্বাহে মোকেই দায়িত্ব দিছে৷

অসমৰ মুখ্যমন্ত্রী হিচাপে প্রাৰম্ভিক কথা কিদৰে আৰম্ভ কৰিব লাগে, সেয়া মোৰ পর্যায়তে পাতি ল’ব পৰা যাব৷ পাছত যদি দুয়োটা পক্ষৰ পৰা পৰিৱেশ এটা সৃষ্টি হয়, তেতিয়া হয়তো কেন্দ্রীয় চৰকাৰ বা আন যিধৰণে এটা আলোচনাৰ মঞ্চ তৈয়াৰ হয়, তাৰ ব্যৱস্থা গ্রহণ কৰা হ’ব৷ কিন্তু কেন্দ্রীয় গৃহমন্ত্রী শ্বাহে প্রথম কথাখিনি পাতি লোৱাৰ দায়িত্ব মোকেই দিছে৷

মুখ্যমন্ত্রী ড০ শর্মাই জানিবলৈ দিয়া মতে, চুবুৰীয়া ৰাজ্য নাগালেণ্ডত বিৰোধীবিহীন চৰকাৰ গঠন হোৱাৰ পাছত নেডাৰ আহ্বায়ক হিচাপে তেওঁ কাইলৈ ডিমাপুৰলৈ যাব৷ এই প্রসংগতে এন এছ চি এন (আই–এম)ৰে আলোচনাৰ বিষয়টো সাংবাদিকে উনুকিয়াই দিয়াত মুখ্যমন্ত্রী ড০ শর্মাই কয়– এন এছ চি এনৰ সৈতে যি আলোচনা হৈ আছে, তাত ক’ৰবাত ক’ৰবাত মই জড়িত হৈ থাকোঁ৷ কিন্তু আনুষ্ঠানিকভাৱে নহয়৷ বিশেষকৈ নেডা হিচাপে তাৰ ৰাজনৈতিক দলসমূহৰ লগত যদি কিবা আলোচনা কৰিবলগীয়া থাকে, সেইখিনি মই কৰোঁ৷ কিন্তু এন এছ চি এন (আই–এম)ৰ সৈতে মই প্রত্যক্ষভাৱে কথা নাপাতো৷ কিন্তু কাইলৈ মই ডিমাপুৰলৈ যাম৷ তাত বিৰোধীবিহীন এখন চৰকাৰ গঠন হৈছে৷ সেই বিষয়ে বুজ ল’বলৈ নেডা হিচাপে ডিমাপুৰলৈ যাম৷ অসমৰ মুখ্যমন্ত্রী হিচাপে নহয়৷ ডিমাপুৰলৈ যোৱাৰ পূর্বে ৰাজ্যসভাৰ নির্বাচনৰ বাবে কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালক মনোনয়ন দাখিল পর্বত সংগ দিব বুলিও মুখ্যমন্ত্রী ড০ শর্মাই সদৰী কৰে৷

এন আৰ চি সন্দর্ভত সাংবাদিকে সোধা এক প্রশ্ণৰ উত্তৰ দি এইক্ষেত্রত ৰাজ্য চৰকাৰৰ স্থিতিক কেন্দ্রীয় চৰকাৰে সমর্থন কৰাৰ কথা উল্লেখ কৰি তেওঁ পুনৰ কয় যে ইয়াৰ নির্ণয় হ’ব লাগিব উচ্চতম ন্যায়ালয়ত৷ ৰাজ্যিক সমন্বয়কে পর্যালোচনা হোৱাটো বিচাৰিছে৷ এই স্থিতিত কেন্দ্র আৰু ৰাজ্য চৰকাৰৰ কোনো ধৰণৰ মত পার্থক্য নাই৷ পিছে এইক্ষেত্রত কিবা যদি সিদ্ধান্ত হ’ব লাগে, সেয়া উচ্চতম ন্যায়ালয়ৰ মজিয়াতহে হ’ব৷ এইটো চৰকাৰৰ পর্যায়ত সম্ভৱ নহয়৷ ৰাজ্যৰ সমষ্টি পুনৰ নির্ধাৰণ সম্পর্কতো গুৰুত্বপূর্ণ মন্তব্য কৰে মুখ্যমন্ত্রী ড০ শর্মাই৷ শেহতীয়াকৈ সদৌ অসম ছাত্র সন্থাৰ সৈতে হোৱা বৈঠকত এই বিষয়বোৰে স্থান লাভ কৰাৰ কথা উল্লেখ কৰি তেওঁ কয়– আমি সমষ্টি পুনৰ নির্ধাৰণক লৈ অসমত আৰু অলপ কথা–বতৰা পাতি ল’ব বিচাৰিছোঁ৷ আজিৰ দৰে যি সমষ্টি পুনৰ নির্ধাৰণৰ ব্যৱস্থা আছে, তাৰ পৰা অসমৰ কোনো লাভ নহয়৷ কেনেদৰে সমষ্টি পুনৰ নির্ধাৰণ কৰিলে অসমৰ জনসাধাৰণৰ লাভ হ’ব, সেই বিষয়ে আমি অসমত চিন্তা–চর্চা আৰম্ভ কৰিছোঁ৷ যেতিয়া আমাৰ মাজত ঐকমত্য হ’ব, তেতিয়া দুর্গাপূজাৰ পাছত আমি দিল্লীলৈ এবাৰ আহিম৷ সেইদৰে অসম চুক্তিৰ ৬নং দফা সম্পর্কত তেওঁ কয়– ছাত্র সন্থাৰ লগত কথা পাতিবৰ কাৰণে এখন কমিটী গঠন কৰা হৈছে৷ কিছুমান বিষয়ত আমাৰ তেওঁলোকৰ লগত মন নিমিলে, কিছুমানত মিলে৷ গতিকে মন মিলাখিনিৰ ওপৰত আমি কথা পাতিম৷ উল্লেখ্য যে আজিৰ এই বৈঠকখনত ৰাজ্য চৰকাৰৰ মুখ্য সচিব জিষ্ণু বৰুৱা আৰু মুখ্যমন্ত্রীৰ প্রধান সচিব সমীৰ সিন্হাও উপস্থিত আছিল৷

You might also like