নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ড্রাগছ সৰবৰাহ : ৮ পাকিস্তানী নাগৰিকক ১০ বছৰ কাৰাদণ্ড

নিয়মীয়া বাৰ্তা ডিজিটেল, ২ জানুৱাৰীঃ প্রাথমিকভাৱে ধাৰণা কৰা হৈছিল যে ২৬/১১ৰ দৰে পুনৰ মুম্বাই আক্রমণৰ বাবে ভাৰতীয় জলসীমাত অনুপ্রৱেশ কৰিছে পাকিস্তানী সন্ত্রাসবাদীয়ে৷ ভাৰতীয় উপকুলৰক্ষী বাহিনী আৰু মুম্বাই জল আৰক্ষীৰ তৎপৰতাত আৰৱ সাগৰৰ উপকূলত আটক কৰা হৈছিল পাকিস্তানী নাও৷ কিন্তু অস্ত্র–শস্ত্র নাইবা বিস্ফোৰক নহয়, এই পাকিন্তানী নাওখনৰ পৰা উদ্ধাৰ কৰা হৈছিল বিপুল পৰিমাণৰ ড্রাগছ৷ ২০১৫ চনৰ সেই গোচৰত আজি ৮ পাকিস্তানী নাগৰিকক দোষী সাব্যস্ত কৰি ১০ বছৰকৈ সশ্রম কাৰাদণ্ডৰ ৰায় শুনাইছে মুম্বাইৰ বিশেষ আদালতে৷ ড্রাগছ আইনৰ অধীনত এই ৮ অভিযুক্তক দোষী সাব্যস্ত কৰিছে বিশেষ আদালতৰ বিচাৰপতি শশীকান্ত বাংগাৰে৷ ১০ বছৰ সশ্রম কাৰাদণ্ডৰ লগতে প্রত্যেককে ১ লাখকৈ টকা জৰিমনাও বিহিছে আদালতখনে৷ গুজৰাটৰ উপকূলত ধৃত ৮ পাকিস্তানী নাগৰিকৰ নাৱৰ পৰা ১০ বস্তাত ৰখা ১৩১ কিলোগ্রাম হেৰ’ইন উদ্ধাৰ কৰা হৈছিল৷ উদ্ধাৰ হোৱা এই হেৰ’ইনৰ মূল্য সেই সময়ত আছিল ৬ কোটি ৯৬ লাখ টকা৷ এই হেৰ’ইনৰ উপৰি নাওখনত জব্দ হৈছিল ৩টা ছেটেলাইট ফোন, ভাৰতীয় জলসীমাৰ পথ নির্দেশিকা (নেভিগেচন চার্ট) আৰু মানচিত্র তথা বিভিন্ন বৈদ্যুতিক সৰঞ্জাম৷ গ্রেপ্তাৰৰ পিছত ধৃত পাক নাগৰিককেইজনক মুম্বাইৰ য়োলোগেট থানাত হাজিৰ কৰোৱা হৈছিল৷

You might also like