ম্যানমাৰত ভূমিকম্পত নিহতৰ সংখ্যা ২,০০০ অতিক্রম, ধ্বংসস্তূপৰ পৰা গুৰুত্বপূর্ণ নথি লৈ পলায়ন কৰিব বিচৰা ৪ চীনৰ নাগৰিকক গ্রেপ্তাৰ
নিউজ ডেস্ক, ১ এপ্ৰিলঃ শক্তিশালী ভূমিকম্পত বিধ্বস্ত ম্যানমাৰত প্রতি ক্ষণে ক্ষণে ধ্বংসস্তূপৰ পৰা উদ্ধাৰ হৈ আছে মৃতদেহ৷ মৰাশৰ দুর্গন্ধত বিতত হৈ পৰিছে উদ্ধাৰকাৰী দল৷ জটিলতাৰ মাজেৰে ধ্বংসস্তূপত উদ্ধাৰ অভিযান চলাই মৃতদেহ উদ্ধাৰ কৰি আছে৷ দেশখনৰ হস্পিতালে হস্পিতালে মৃতদেহৰ দম৷ শুকুৰবাৰে পুৱা ৭.৭ আৰু ৬.৪ প্রাবল্যৰ দুই শক্তিশালী ভূমিকম্পত বিধ্বস্ত ম্যানমাৰত নিহতৰ সংখ্যা ২,০০০ অতিক্রম কৰিলে৷ এতিয়াও তাচপাতৰ দৰে খহি পৰা অট্টালিকাৰ ধ্বংসস্তূপত কেইবাশ লোকৰ মৃতদেহ থকাৰ আশংকা কৰা হৈছে৷ চৰকাৰী তথ্য মতে তিনিশতকৈ অধিক লোক সন্ধানহীন হৈ আছে৷ আনপিনে, শক্তিশালী ভূমিকম্পৰ সময়ত জুম্মাৰ নামাজত ব্যস্ত থাকোঁতেই মছজিদ খহি ৭০০তকৈ অধিক ইছলাম ধর্মাৱলম্বী লোকৰ কৰুণ মৃত্যু ঘটিছে৷ ম্যানমাৰৰ মুছলিম সংগঠনে প্রকাশ কৰা মতে শুকুৰবাৰে ৰমজান মাহ উপলক্ষে মছজিদত নামাজ পঢ়ি থাকোঁতেই ৭০০তকৈ অধিক লোকৰ মৃত্যু ঘটিছে৷ নামাজ পঢ়ি থকাৰ সময়তে ৭.৭ প্রাবল্যৰ ভূমিকম্পই মছজিদটো ধ্বংসস্তূপত পৰিণত কৰাত এই ধর্মাৱলম্বী লোকসকলৰ মৃত্যু ঘটিছে৷ বিভিন্ন ধর্মৰ প্রতিষ্ঠান বিধ্বস্ত হোৱাৰ সমান্তৰালকৈ দেশখনত ৬০তকৈ অধিক মছজিদ বিধ্বস্ত হৈছে বুলি প্রকাশ কৰিছে স্প্রীং ৰিভিউলেচন ম্যানমাৰ মুছলিম নেটৱর্কৰ কর্ণধাৰ কমিটীৰ সদস্য এজনে৷ দেশখনৰ দ্বিতীয় বৃহত্তম চহৰখনত জুম্মাৰ নামাজৰ সময়ত মছজিদ খহি সর্বাধিক ইছলামধর্মী লোকৰ মৃত্যু ঘটিছে বুলি সদস্যজনে সদৰী কৰিছে৷ ইপিনে, থাইলেণ্ডৰ ৰাজধানী বেংককত নির্মীয়মাণ অৱস্থাত তাচপাতৰ দৰে খহি পৰা ৩০ মহলীয়া অট্টালিকাৰ ধ্বংসস্তূপত এতিয়াও ৭০জন আবদ্ধ হৈ থকাৰ শংকা কৰা হৈছে৷ তথ্য মতে, এই লোককেইজনৰ জীয়াই থকাৰ সম্ভাৱনা একেবাৰে ক্ষীণ৷ এই ৩০ মহলীয়া অট্টালিকা নির্মাণত জড়িত চীনা কোম্পানীৰ বিৰুদ্ধে থাইলেণ্ড চৰকাৰে তদন্ত চলাব বুলিও ঘোষণা কৰা হৈছে৷ লক্ষণীয় যে ধ্বংসস্তূপৰ পৰা গুৰুত্বপূর্ণ নথি–পত্র চুৰ কৰি পলায়ন কৰিব বিচৰা চাৰি চীনৰ নাগৰিকক আজি গ্রেপ্তাৰ কৰিছে আৰক্ষীয়ে৷ ধ্বংসস্তূপৰ সমীপতে থকা অট্টালিকা নির্মাণত জড়িত কোম্পানীটোৰ কার্যালয়ৰ পৰা ফাইল গোপনে লৈ পলায়ন কৰিব বিচাৰোঁতেই আৰক্ষীয়ে এই চাৰি চীনৰ নাগৰিকক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হৈছে৷ প্রাকৃতিক কাৰণৰ উপৰি ভূমিকম্পত বিধ্বস্ত হৈ পৰা বাট–পথৰ লগতে বিভিন্ন প্রাসংগিক কাৰণত উদ্ধাৰ অভিযানত জটিলতা আহি পৰিছে৷ দেশখনৰ উদ্ধাৰকাৰী দলে অহোপুৰুষার্থ কৰি আছে৷