নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰক্কোৰ ভূমিকম্পত দুই সহস্রাধিকৰ প্রাণহানি

বিশেষ বাৰ্তা, ১০ ছেপ্টেম্বৰ : মৃত্যুপুৰীত পৰিণত হৈছে উত্তৰ–পশ্চিম আফ্রিকাৰ ৰাষ্ট্র মৰক্কো৷ শুকুৰবাৰে নিশা দেশখনত শক্তিশালী ভূমিকম্পত প্রাণ হেৰুওৱা লোকৰ সংখ্যা ইতিমধ্যে ২০০০ অতিক্রম কৰিছে৷ আহতও হৈছে দুই সহস্রাধিক৷ শুকুৰবাৰে নিশা মাৰাকেছ আৰু ইয়াৰ সমীপৱর্তী কেইবাখনো চহৰক জোকাৰি যায় ৬.৮ প্রাবল্যৰ ভূমিকম্পই৷ ধ্বংস্তূপৰ তলত এতিয়াও বহু লোক আবদ্ধ হৈ থকা বুলি স্থানীয় সংবাদ মাধ্যমে সদৰী কৰিছে৷ যুদ্ধকালীন তৎপৰতাৰে চলি আছে উদ্ধাৰ কার্য৷ বিশ্বৰ বিভিন্ন প্রান্তৰ পৰা মৰক্কোলৈ সহায়ৰ হাত আগবঢ়োৱা হৈছে৷ আনকি শত্রু ৰাষ্ট্রৰ পৰাও এই দুর্যোগৰ সময়ত বিভিন্ন সাহায্য আহিছে৷ উল্লেখনীয় যে স্থানীয় সময় অনুসৰি শুকুৰবাৰে নিশা ১১ বজাত অনুভূত হয় এই শক্তিশালী ভূমিকম্প৷ ইয়াৰ পিছত কেইবাটাও সৰু সৰু কম্পন অনুভূত হয়৷ মাৰাকেছ চহৰৰ পৰা ৭২ কিলোমিটাৰ দক্ষিণ–পশ্চিমত আছিল ভূমিকম্পৰ অভিকেন্দ্র৷ নিশা বহু লোক শুই থকা অৱস্থাত এই বিধ্বংসী ভূমিকম্প অনুভূত হৈছিল৷ ভূমিকম্পৰ ফলত বহু প্রাসাদ নিমিষতে ধূলিসাৎ হৈ পৰে৷ বিগত ৬০ বছৰৰ পিছত প্রথমবাৰলৈ এনে ভয়াৱহ প্রাকৃতিক দুর্যোগৰ সন্মুখীন হৈছে মৰক্কো৷ মৰক্কোৰ পূব দিশত থকা আলজেৰিয়াৰ সৈতে দেশখনৰ সম্পর্ক তিক্ত৷ দুবছৰ পূর্বে আলজেৰিয়াই মৰক্কোৰ সৈতে সকলো সম্পর্ক ছেদ কৰিছিল৷ কিন্তু প্রতিবেশী ৰাষ্ট্রখনৰ এই দুর্দশাৰ সময়ত সহায়ৰ হাত আগবঢ়াইছে আলজেৰিয়াই৷ দেশখনৰ পৰা বিভিন্ন সাহায্য সামগ্রী প্রেৰণ কৰা হৈছে৷ আফ্রিকান দেশখনৰ এই দুর্যোগত আমেৰিকাই সহায় আগবঢ়াব বুলি ৰাষ্ট্রপতি জ’ বাইডেনে ঘোষণা কৰিছে৷ ভাৰতৰ তৰফৰ পৰা প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে সাহায্যৰ কথা ঘোষণা কৰিছে৷ মৰক্কোৰ এই দুর্যোগত প্রাণ হেৰুওৱা লোকৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে৷ ইয়াৰ উপৰি তুৰস্ক, কাটাৰ, ফ্রান্স, জার্মানী, ইজৰাইল, ইউএই, জর্দান আদি দেশৰ পৰা সাহায্য সামগ্রী প্রেৰণ কৰা হৈছে মৰক্কোলৈ ৷ ফ্রান্সৰ এটা ম’বাইল অপাৰেটৰ সংস্থাই এসপ্তাহৰ বাবে মৰক্কোত বিনামূলীয়া সেৱা আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে৷ ইফালে, এই ভয়াৱহ প্রাকৃতিক দুর্যোগত প্রাণ হেৰুওৱা লোকসকলৰ প্রতি শ্রদ্ধা জ্ঞাপন কৰি দেশখনত তিনিদিনীয়া ৰাষ্ট্রীয় শোক ঘোষণা কৰা হৈছে৷

You might also like