নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পুনৰ শ্রীলংকাৰ পৰা ভাৰতলৈ আহিল ১৯ শৰণার্থী

শ্রীলংকাৰ আর্থিক সংকটৰ ঢ়ৌ আহি পাইছে ভাৰতলৈ৷ ঋণগ্রস্ত দেশখনৰ পৰা আজি ১৯জন শৰণার্থীয়ে আশ্রয় বিচাৰি উপস্থিত হয় ভাৰতত৷ তামিলনাডুৰ ধনুছকড়িত এখন নাৱেৰে আহি উপস্থিত হয় এই লোককেইজন৷ শ্রীলংকাৰ উত্তৰৰ মান্নাৰ আৰু জাফনা অঞ্চলৰ বাসিন্দা এই লোকসকলে দাৰিদ্র্যৰ সৈতে যুঁজি আহিছে দীর্ঘদিন ধৰি৷ এতিয়ালৈকে ভাৰতত মুঠ ৩৯জন শ্রীলংকান নাগৰিকে আশ্রয় লৈছে৷ নিত্য প্রয়োজনীয় সামগ্রীৰ দাম দেশখনত এতিয়া আকাশলংঘী৷ এনে পৰিস্থিতিত প্রতিবাদত অগ্ণিগর্ভ হৈ উঠিছে ভাৰতৰ প্রতিবেশী দ্বীপ ৰাষ্ট্রখন৷ গতিকে প্রাণটো হাতৰ মুঠিত লৈও নাৱেৰে সমুদ্রৰ দুর্গম যাত্রা কৰি ভাৰতত উপস্থিত হয় এই লোকসকল৷ ইতিমধ্যে শ্রীলংকাক বিভিন্ন ধৰণে সাহায্য আগবঢ়াই আহিছে ভাৰতে৷ এক কোটি ডলাৰ আর্থিক সাহায্যৰ উপৰি তেল, চাউল আদি বিভিন্ন সামগ্রী দ্বীপ ৰাষ্ট্রখনলৈ প্রেৰণ কৰি থকা হৈছে ভাৰতৰ পৰা৷ শ্রীলংকাক সকলো ধৰণে সাহায্য আগবঢ়াব বুলি পূর্বৰে পৰা প্রতিশ্রুতি প্রদান কৰি আহিছে নতুন দিল্লী প্রশাসনে৷ শেহতীয়াকৈ তামিলনাডুৰ মুখ্যমন্ত্রী এম কে ষ্টেলিনে ৰাজ্যখনৰ তৰফৰ পৰাও শ্রীলংকালৈ সাহায্য প্রেৰণৰ সিদ্ধান্ত লৈছে৷

You might also like