ইডেনৰ মেচৰ টিকট ক’লা বজাৰত বিক্রী, ১৬জনক গ্রেপ্তাৰ
বিশেষ বাৰ্তা, ৫ নৱেম্বৰ : ইডেন গার্ডেনত আজি ভাৰত আৰু দক্ষিণ আফ্রিকাৰ মাজত অনুষ্ঠিত হ’বলগীয়া মেচৰ টিকট ক’লা বজাৰত প্রায় ২০গুণ অধিক দামত বিক্রী হৈছে৷ এই সম্পর্কত আৰক্ষীয়ে ব্যাপক তৎপৰতা আৰম্ভ কৰিলেও ক’লা বজাৰত টিকট বিক্রীৰ সমস্যা হ্রাস পোৱা নাই৷ এই পর্যন্ত মুঠ ১৬জন ব্যক্তিক আৰক্ষীয়ে গ্রেপ্তাৰ কৰিছে৷ বংগ ক্রিকেট সন্থাৰ সদস্যও আৰক্ষীৰ হাতত গ্রেপ্তাৰ হোৱা বুলি জানিব পৰা গৈছে৷ অৱশ্যে সন্থাৰ সভাপতি স্নেহাশিস গাংগুলীয়ে এই ব্যক্তিজনক চিনি নাপায় বুলি জনাইছে৷ এই গোচৰৰ সাক্ষী হিচাপে স্নেহাশিসক ইতিমধ্যে আৰক্ষীয়ে তলব কৰিছে৷ ময়দান থানাৰ আৰক্ষীয়ে ইডেনলৈ গৈ সভাপতি গাংগুলীক যোৱা বৃহস্পতিবাৰে জাননী দিছিল৷ সেই জাননীত কোৱা হৈছিল যে তেওঁ ২৪ ঘণ্টাৰ ভিতৰত থানাত সাক্ষী হিচাপে উপস্থিত থাকিব লাগিব৷ অভিযোগ অনুসৰি যোৱা ১ নৱেম্বৰৰ পৰা শুকুৰবাৰ পর্যন্ত মুঠ ১৬জন লোকক আৰক্ষীয়ে গ্রেপ্তাৰ কৰিছে৷ তেওঁলোকৰ পৰা বাজেয়াপ্ত কৰিছে আজি ভাৰত–দক্ষিণ আফ্রিকাৰ মেচখনৰ ৯৪টা টিকট৷ ইয়াৰ ভিতৰত ৯জনক বৃহস্পতিবাৰে দুপৰীয়াৰ পৰা শুকুৰবাৰে পুৱাৰ ভিতৰত গ্রেপ্তাৰ কৰা হৈছে৷ আৰক্ষীৰ দাবী– এই ৯জনৰ ভিতৰতে আছে বংগ ক্রিকেট সন্থাৰ এজন সদস্য৷ ধৃত সদস্যজনৰ নাম হেমল শ্বাহ৷ তেওঁক এণ্টালি থানাৰ আৰক্ষীয়ে বৃহস্পতিবাৰে নিশা ১০টা টিকটসহ মৌলালীৰ পৰা গ্রেপ্তাৰ কৰিছে৷