পাকিস্তানত ১২০০ ফুট উচ্চতাত ৬ শিশুসহ ৮জন আবদ্ধ
বিশেষ বাৰ্তা, ২২ আগষ্ট : পাকিস্তানত ৬গৰাকী স্কুলীয়া ছাত্ৰ-ছাত্ৰী কেবল কাৰত স্কুললৈ গৈ থকা অৱস্থাত মাজ আকাশত আবদ্ধ হৈ পৰে। খাইবাৰ পাখতুনখোৱা প্ৰদেশৰ পাহাৰীয়া অঞ্চলত মঙলবাৰে সংঘটিত হয় এই দুৰ্ঘটনা। স্থানীয় সময় অনুসৰি, পুৱা প্ৰায় ৭ বজাত কেবল কাৰখনৰ তাঁৰ ছিগি য়ায। বহু সময় পাৰ হৈ যোৱাৰ পাছতো উদ্ধাৰ কৰিব পৰা নাই আবদ্ধ স্কুলীয়া ছাত্ৰ-ছাত্ৰীক। এই কেবল কাৰখন মাটিৰ পৰা কমেও ১২০০ ফুট ওপৰত ওলমি থাকে। জনা যায় যে সেই কেবল কাৰখনেৰেই ছাত্ৰ-ছাত্ৰীসকলে নিয়মিতভাৱে স্কুললৈ যায়। মঙলবাৰে পুৱা হঠাতে কেবল কাৰখনৰ সংযোগক সুৰক্ষা দিয়া এটা তাঁৰ ছিগি যায়। লগে লগে কেবল কাৰখন বিপজ্জনকভাৱে ওলমি ৰয়। ৬গৰাকী স্কুলীয়া ছাত্ৰ-ছাত্ৰীকে ধৰি মুঠ ৮জন লোক আছিল কাৰখনত। ঘটনাৰ খবৰ পোৱাৰ পিছতে পাকিস্তানী সেনাৰ এখন হেলিকপ্টাৰ উপস্থিত হয় যদিও তেওঁলোকে উদ্ধাৰৰ কাম আৰম্ভ কৰিব নোৱাৰিলে। পাকিস্তানৰ নেচনেল ডিজাষ্টাৰ ৰেচপন্স ফৰ্চৰ পৰা আৰম্ভ কৰি সেনা বাহিনীলৈকে সকলোৱে আবদ্ধ কেবল কাৰৰ পৰা যাত্ৰীক উদ্ধাৰৰ চেষ্টা চলায় যদিও উদ্ধাৰ কাৰ্য যথেষ্ট জটিল হৈ পৰে । এনে পৰিস্থিতিত কেবল কাৰখনৰ যাত্ৰীসকল আতংকিত হৈ পৰে। স্থানীয় প্ৰশাসনৰ তথ্য অনুসৰি, কেবল কাৰখন প্ৰায় ১২০০ ফুট উচ্চতাত ওলমি আছে। পাহাৰীয়া অঞ্চলত হেলিকপ্টাৰ অবিহনে উদ্ধাৰ অভিযান চলোৱা একেবাৰে অসম্ভৱ। অৱশ্যে সেনাৰ হেলিকপ্টাৰখন আহি পোৱাৰ পিছতো উদ্ধাৰ কামত সফল হোৱা কোনো দিশ দেখা নাই বুলি স্থানীয় প্ৰশাসনৰ বিষয়াসকলে জানিবলৈ দিয়ে।