তামিলনাডুৰ কাৰখানাত ভয়াৱহ বিস্ফোৰণত ৮জনৰ প্ৰাণহানি
বিশেষ বাৰ্তা, ২৯ জুলাই : তামিলনাডুৰ কৃষ্ণগিৰিৰ এটা ফটকা কাৰখানাত সংঘটিত বিস্ফোৰণত ৮জন লোকৰ প্ৰাণহানি হোৱাৰ লগতে বহু লোক আহত হয়। আৰক্ষীৰ মতে, আহত ১২জনৰ অৱস্থা সংকটজনক। আহতসকলক উদ্ধাৰ কৰি ওচৰৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। ২৯ জুলাইৰ পুৱতি নিশা সংঘটিত বিস্ফোৰণ ইমানেই প্ৰবল আছিল যে ওচৰৰ হোটেলৰ এটা ভৱন ভাঙি যোৱাৰ লগতে আন চাৰিটা অট্টালিকাও ক্ষতিগ্ৰস্ত হয়। বিস্ফোৰণৰ খবৰ পোৱাৰ লগে লগে আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনী সেই স্থানত উপস্থিত হয়। ক্ষতিগ্ৰস্ত অট্টালিকাবোৰত বহু লোক আবদ্ধ হৈ পৰে। অগ্নিনিৰ্বাপক বাহিনীয়ে প্ৰথমে এই অট্টালিকাসমূহৰ জুই নিৰ্বাপণ কৰি আবদ্ধ লোকসকলক উদ্ধাৰ অভিযান আৰম্ভ কৰে। জিলা উপায়ুক্তই জানিবলৈ দিয়া মতে, এই বিস্ফোৰণৰ বাবে এখন হোটেলৰ ভৱন ভাঙি পৰাৰ লগতে সমীপৱৰ্তী তিনি-চাৰিটা ঘৰ ক্ষতিগ্ৰস্ত হৈছে। ধ্বংসাৱশেষত আবদ্ধ হৈ থকা মুঠ লোকৰ সংখ্যা এতিয়াও জানিব পৰা নাই উদ্ধাৰকাৰীয়ে। বিস্ফোৰণৰ কাৰণো উলিয়াব পৰা নাই আৰক্ষীয়ে।