সস্তাৰ উৰণ আকাশত উৰিল বৈদ্যুতিক বিমান, ৭০০ টকাত ১৩০ কিলোমিটাৰ যাত্রা
অত্যাধুনিক এই যাত্রী বিমানৰ খৰচো হ’ব অতি সামান্য। পৰীক্ষামূলক উৰণৰ সময়ত মাত্র ৩০ মিনিটত ৭০ নটিকেল মাইল অর্থাৎ ১৩০ কিলোমিটাৰ যাত্রা কৰে বিমানখনে
সস্তাৰ উৰণ! আকাশত উৰিল বৈদ্যুতিক বিমান, ৭০০ টকাত ১৩০ কিলোমিটাৰ যাত্রা
সস্তা হ’ব বিমানৰ উৰণ ইন্ধনৰ অভাৱনীয় মূল্যৰ পৰা পৰিত্রাণ পাব উৰণ সংস্থাসমূহে এইবাৰ বিদ্যুতৰ জৰিয়তে আকাশত উৰিব যাত্রীবাহী বিমান শুনিবলৈ অবাক যেন লাগিলেও ইতিমধ্যে এয়া সম্ভৱ কৰি তুলিছে বিমান সংস্থা ‘বেটা টেকন’লজিছে’৷
সংস্থাটোৰ উদ্যোগত ইতিমধ্যে এই বিমানৰ পৰীক্ষামূলক উৰণো সম্পন্ন কৰা হৈছে৷ অনুমান কৰা হৈছে যে পৰিৱেশ বান্ধৱ হিচাপে আগন্তুক দিনত এই বিমানেই হ’ব যাত্রীসকলৰ বাবে অন্যতম ভৰসা৷
অত্যাধুনিক এই যাত্রী বিমানৰ খৰচো হ’ব অতি সামান্য৷ সংবাদ সূত্রই সদৰী কৰা অনুসৰি শেহতীয়াকৈ আমেৰিকাৰ ইষ্ট হেম্পটনৰ পৰা নিউয়র্কৰ জন এফ কেনেডী আন্তর্জাতিক বিমানবন্দৰলৈ সফলভাৱে যাত্রা কৰে ‘আলিয়া চিএক্স–৩০০’ নামৰ এই বৈদ্যুতিক বিমানখনে৷ পৰীক্ষামূলক উৰণৰ সময়ত মাত্র ৩০ মিনিটত ৭০ নটিকেল মাইল অর্থাৎ ১৩০ কিলোমিটাৰ যাত্রা কৰে বিমানখনে৷
বেটা টেকন’লজিছৰ প্রতিষ্ঠাতা তথা চিইঅ’ কাইল ক্লার্ক নিজেই উপস্থিত আছিল এই পৰীক্ষাৰ সময়ত৷ তেওঁ উল্লেখ কৰা অনুসৰি এই বিমানখন ১০০ শতাংশ বৈদ্যুতিন৷ যাত্রীসকলক লৈ ইষ্ট হেম্পটনৰ পৰা নিউয়র্কৰ জন এফ কেনেডী বিমানবন্দৰত বিমানখনে সফলতাৰে অৱতৰণ কৰে৷
লক্ষণীয়ভাৱে এই দূৰত্ব অতিক্রম কৰাৰ বাবে অতি কম খৰচৰ প্রয়োজন হৈছে৷ এবাৰ চার্জ কৰিবলৈ বিমানখনৰ খৰচ পৰে মাত্র ৭০০ টকা৷ এবাৰ চার্জত এই বিমানখনে ২৫০ নটিকেল মাইল উৰিব পাৰে৷ অর্থাৎ প্রায় ৫০০ কিলোমিটাৰ উৰণৰ বাবে খৰচ হ’ব ৭০০ টকা৷ কিন্তু এই দূৰত্ব যোৱাৰ বাবে এখন হেলিকপ্টাৰৰ ইন্ধনৰ খৰচ পৰে ১৬০ ডলাৰ৷
Niyomiya Barta Desk, Date of Published – 25-06-2025