দিনত শিক্ষয়িত্রী, নিশা হ’লেই প্রাপ্তবয়স্ক চলচ্চিত্রৰ নায়িকা
🔹 চাকৰি হেৰুৱালে ইটালীৰ যুৱতীয়ে
নিউজ ডেস্ক, ২৪ মার্চ : পুৱা শিশুসকলৰ শিক্ষয়িত্রী৷ শিশুসকলৰ ভৱিষ্যতৰ দিকদ্ৰষ্টা৷ আৰু নিশা হ’লেই সলনি হয় পেছা৷ প্রাপ্তবয়স্কসকলৰ চলচ্চিত্রৰ নায়িকা হৈ পৰে এই শিক্ষয়িত্রী৷ বিষয়টো পোহৰলৈ অহাৰ লগে লগে শিক্ষয়িত্রীয়ে হেৰুৱাবলগীয়া হয় চাকৰি৷ ছ’চিয়েল মিডিয়াত এই খবৰক লৈ ব্যাপক চর্চা চলিছে৷ একাংশই শিক্ষয়িত্রীগৰাকীৰ কোনো ভুল নাছিল বুলি দাবী কৰিছে৷ আনফালে অন্য একাংশই শিক্ষকতা বৃত্তিত শিক্ষয়িত্রীগৰাকীয়ে কালিমা সনা বুলি মন্তব্য কৰিছে৷ শিক্ষয়িত্রীৰ নাম এলেনা মাৰেগা৷ বয়স ২৯ বছৰ৷ ইটালীৰ এখন কেথোলিক নার্ছাৰী স্কুলত চাকৰি কৰিছিল এলেনাই৷ শিশুসকলক পাঠদান কৰিছিল ২৯ বছৰীয়া শিক্ষয়িত্রীগৰাকীয়ে৷ কিন্তু নিশা হ’লেই এলেনাই নিজৰ পেছা সলনি কৰে৷ অভিযোগ অনুসৰি, এলেনাই অনলিফেন্সৰ দৰে প্রাপ্তবয়স্ক ৱেবছাইটত মডেল হিচাপে কাম কৰিছিল৷ নিজৰ প্রাপ্তবয়স্ক ভিডিঅ’ এই ৱেবছাইটত বিক্রী কৰিছিল৷ সেই ভিডিঅ’ নজৰলৈ আহে কেইবাগৰাকীও অভিভাৱকৰ৷ অভিভাৱকসকলে স্কুল কর্তৃপক্ষক এই বিষয়টো সন্দর্ভত অভিযোগ দিয়ে৷ ইয়াৰ পিছতে শিক্ষয়িত্রীগৰাকীক স্কুল কর্তৃপক্ষই বর্খাস্ত কৰে৷ চাকৰি হেৰুৱাই এলেনাই কৈছে যে জীয়াই থকাৰ তাড়নাত মানুহে যিকোনো পেছা গ্রহণ কৰিব পাৰে৷ স্কুল কর্তৃপক্ষই অতি নিম্ন মজুৰিত খটুৱাই আছিল বুলিও এলেনাই অভিযোগ কৰিছে৷