নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আঠ মাহত দুবাৰ এলন মাস্কৰ প্রাণনাশৰ চেষ্টা দুর্বৃত্তৰ !

🔹 মার্কিন ধনকুবেৰৰ দাবীক লৈ চাঞ্চল্য

বিশেষ বাৰ্তা, ১৫ জুলাই : প্রাক্তন মার্কিন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পৰ ওপৰত আক্রমণ সংঘটিত হোৱাৰ সময়তে বিস্ফোৰক মন্তব্য কৰিছে ধনকুবেৰ এলন মাস্কে৷ টেছলা কোম্পানীৰ মুৰব্বী মাস্কে দাবী কৰা অনুসৰি, বিগত আঠ মাহত তেওঁৰ ওপৰত দুবাৰকৈ প্রাণঘাতী আক্রমণৰ চেষ্টা চলিছে৷ ধনকুবেৰগৰাকীৰ এই দাবীৰ পিছতেই স্বাভাৱিকভাৱে বিতর্কৰ সৃষ্টি হৈছে৷ প্রশ্ণ উঠিছে আমেৰিকাৰ মাটিত ভিভিআইপিসকলৰ নিৰাপত্তাক লৈ৷ ট্রাম্পৰ ওপৰত দুর্বৃত্তই গুলীচালনা কৰাৰ পাছতেই মাস্কক এগৰাকী এক্স ব্যৱহাৰকাৰীয়ে জনায় যে ধনকুবেৰগৰাকীয়ে নিজৰ নিৰাপত্তা তিনিগুণ বৃদ্ধি কৰা উচিত৷ যদি ট্রাম্পৰ ওপৰত দুর্বৃত্তই আক্রমণ কৰিব পাৰে, তেন্তে মাস্কৰ ওপৰতো আক্রমণ চলাব পাৰে বুলি এক্স ব্যৱহাৰকাৰীগৰাকীয়ে মন্তব্য কৰিছে৷ উল্লেখনীয় যে আগন্তুক সময় অতি বিপজ্জনক হ’ব বুলি উল্লেখ কৰিছে এলন মাস্কে৷ বিগত সময়ছোৱাত দুই দুর্বৃত্তই দুবাৰ তেওঁৰ ওপৰত প্রাণঘাতী আক্রমণৰ চেষ্টা চলোৱা বুলি দাবী কৰাৰ পিছতে মাস্কৰ বক্তব্যক লৈ তীব্র বিতর্কৰ সৃষ্টি হৈছে৷ মাস্কে উল্লেখ কৰা অনুসৰি, টেছলাৰ মুখ্য কার্যালয়ৰ পৰা বন্দুকসহ বিগত আঠ মাহৰ ভিতৰত দুগৰাকী লোকক গ্রেপ্তাৰ কৰা হৈছে৷ উল্লেখনীয় যে পেঞ্চিলভেনিয়াৰ বাটলাৰত নির্বাচনী জনসভা চলি থকা সময়তে ৰাষ্ট্রপতি পদৰ প্রার্থী ট্রাম্পৰ ওপৰত সংঘটিত আক্রমণৰ ঘটনাক লৈ বিশ্বজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছে৷ উল্লেখনীয় যে দুর্বৃত্তই সমীপৰ এটা প্রাসাদৰ মূধচৰ পৰা গুলীচালনা কৰাৰ ফলত কাণত আঘাত লাগে ট্রাম্পৰ৷ মার্কিন গুপ্তচৰ সংস্থা (এফবিআই)–ই ইতিমধ্যে দুর্বৃত্তক চিনাক্ত কৰিছে৷ নিৰাপত্তাৰ দায়িত্বত থকা ছিক্রেট ছার্ভিচ বাহিনীৰ গুলীত নিহত এই আততায়ীৰ নাম থ’মাছ মেথিউ ক্রুক্ছ৷ ২০ বছৰ বয়সীয়া ক্রুক্ছ পেঞ্চিলভেনিয়াৰ বেথেল পার্কৰ বাসিন্দা আছিল৷ উল্লেখনীয় যে ট্রাম্পৰ ওপৰত সংঘটিত এই আক্রমণৰ ঘটনাক তীব্র গৰিহণা দিছে ধনকুবেৰ এলন মাস্কে৷

You might also like