নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইলন মাস্কৰ অবিশ্বাস্য Neuralink chip-এ চলাব মানৱ শৰীৰ

বিশেষ বাৰ্তা, ১৮ জুনঃ ইলন মাস্কৰ কোম্পানী নিউৰালিংকে মানুহৰ মগজুত কম্পিউটাৰ চিপ স্থাপনৰ কাম কৰি আছে যাতে মানুহৰ মগজু যন্ত্ৰৰ দ্বাৰা চলাব পৰা যায়। যোৱা মাহত মাস্কৰ কোম্পানী নিউৰালিংকক আমেৰিকাৰ খাদ্য আৰু ঔষধ প্ৰশাসন অৰ্থাৎ এফ ডি এৰ দ্বাৰা ক্লিনিকেল ট্ৰায়েলৰ বাবে অনুমোদন দিয়া হৈছিল। এতিয়া খবৰ ওলাইছে যে কোম্পানীটোৱে এই বছৰৰ শেষৰফালে প্ৰথমটো মানৱ পৰীক্ষা সম্পূৰ্ণ কৰিব পাৰিব। কোম্পানীটোৰ সহ-প্ৰতিষ্ঠাপক ইলন মাস্কে এক অনুষ্ঠানৰ সময়ত কয় যে চলিত বৰ্ষৰ শেষৰফালে মানৱ পৰীক্ষা আৰম্ভ হ’ব। কিন্তু কিমান লোকৰ পৰীক্ষা কৰা হ’ব আৰু এই পৰীক্ষা কিমান দিনলৈ চলিব, সেই কথা তেওঁ জনোৱা নাছিল। যদি মাস্কৰ কোম্পানী Neuralink সফল হয়, তেন্তে ই এক বৃহৎ সাফল্য হ’ব আৰু এই প্ৰযুক্তিয়ে বিশেষকৈ পক্ষাঘাত, অন্ধতা, স্মৃতিশক্তি হেৰুওৱা বা স্নায়ু সম্পৰ্কীয় ৰোগত আক্ৰান্ত লোকসকলক উপকৃত কৰিব। ক্লিনিকেল ট্ৰায়েলটো সফল হ’লেও মাস্কৰ কোম্পানীটোৱে বাণিজ্যিক অনুজ্ঞা-পত্ৰ লাভ কৰিবলৈ দশকতকৈও অধিক সময় লাগিব আৰু তাৰ পিছতহে তেওঁলোকে কম্পিউটাৰ চিপ মানুহৰ মগজুত স্থাপন কৰিব পাৰিব।

Neuralink chip কি?

Neuralink chip হৈছে আচলতে এক কৃত্ৰিম বুদ্ধিমত্তাৰ চিপ, যিটো কম্পিউটাৰত সংলগ্ন হৈ মানুহৰ মগজুৰ ভিতৰত স্থাপন কৰা হয় আৰু কম্পিউটাৰৰ সহায়ত মগজুলৈ সংকেত দিয়া হয়। তাৰ পিছত সংকেতৰ সহায়ত শৰীৰে কাম কৰে। এই চিপৰ সহায়ত বহু ৰোগ আগতীয়াকৈ ধৰা পেলাব পৰা যায় আৰু সময় মতে চিকিৎসাও কৰিব পৰা যায়। বিশেষকৈ বিশেষভাৱে সক্ষম বা পক্ষাঘাতগ্ৰস্ত লোকৰ বাবে ই যথেষ্ট উপকাৰী। Neuralink ২০১৬ চনত আৰম্ভ কৰা হৈছিল। ২০২২ চনত কোম্পানীটোৱে এফ ডি এৰ পৰা অনুমোদন বিচাৰিছিল যদিও তেতিয়া আবেদন নাকচ কৰা হৈছিল আৰু তাৰ পিছত এফ ডি এই কেইবাটাও সমস্যাৰ কথা কৈছিল। কিন্তু যোৱা মাহত মাস্কৰ কোম্পানীয়ে এফ ডি এৰ পৰা অনুমোদন লাভ কৰে আৰু অতি সোনকালে কোম্পানীটোৱে প্ৰথম মানৱ পৰীক্ষা আৰম্ভ কৰিব!

You might also like