নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কার্যালয়ত টোপনি মৰাৰ বাবে কর্মচাৰীক ৪ কোটি জৰিমনা

🔹 চীনৰ কেমিকেল কোম্পানীৰ অদ্ভুত কাণ্ড

নিউজ ডেস্ক, ২৫ নৱেম্বৰ : ভাগৰুৱা হৈ টোপনি মৰাটোও অপৰাধ হ’ব পাৰে নেকি? চীনত টোপনি মৰাও অপৰাধ! এনে অপৰাধৰ বাবে বিপুল পৰিমাণৰ ধন জৰিমনা বিহাৰ সিদ্ধান্তই ব্যাপক চর্চা লাভ কৰিছে৷ চীনৰ কেমিকেল কোম্পানী এটাত বিগত ২০ বছৰ ধৰি কর্মৰত এজন কর্মচাৰীয়ে কাম কৰি কিছু সময় জিৰণিৰ বাবে কার্যালয়তে টোপনি মৰাৰ বাবে কোম্পানীৰ পৰা বৃহৎ পৰিমাণৰ জৰিমনাৰ সন্মুখীন হয়৷ টেইস্কিং কেমিকেল কোম্পানীটোত ২০ বছৰ ধৰি কর্মৰত ঝাও নামৰ কর্মচাৰীজনে এদিন কার্যালয়ত তেওঁৰ ডেস্কতে টোপনি মাৰে৷ কর্মচাৰীজনে টোপনি মৰা দৃশ্য চিচি টিভি কেমেৰাত ধৰা পৰে৷ ইয়াৰ পিছতে কোম্পানীৰ কর্তৃপক্ষই কর্মচাৰী ঝাওৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্রহণ কৰি ভাৰতীয় মুদ্রাৰ হিচাপত চাৰি কোটি টকা জৰিমনা বিহে৷ ঝিয়াছু প্রদেশৰ কেমিকেল কোম্পানীটোত ঝাও কর্মৰ মাজতে এঘণ্টা টোপনি মৰাৰ তথ্য কোম্পানীটোৰ মানৱ সম্পদ বিভাগে ধৰা পেলায়৷ গোটেই নিশা কাম কৰি পিছদিনা কর্মচাৰীজনে ভাগৰতে টোপনি মাৰিবলৈ বাধ্য হৈছিল৷ কিন্তু এই টোপনিয়ে কর্মচাৰীজনৰ বাবে বিপদ নমাই আনিলে৷ কোম্পানীটোৱে আদালতৰ জৰিয়তে কর্মচাৰী ঝাওলৈ চাৰি কোটি টকাৰ জৰিমনা বিহাৰ লগতে চাকৰিৰ পৰাও বর্খাস্ত কৰে৷ কোম্পানীটোৱে শ্রমিক ইউনিয়নৰ সৈতে এই সন্দর্ভত আলোচনা কৰি ঝাওক চাকৰিৰ পৰা বৰ্খাস্ত কৰে৷ চাকৰিৰ পৰা বৰ্খাস্ত কৰি কোম্পানী কর্তৃপক্ষই কয়- কমৰেগ ঝাও আপুনি ২০০৪ চনত কোম্পানীত যোগদান কৰিছিল আৰু মুক্ত নিযুক্তি ঠিকাত স্বাক্ষৰ কৰিছিল৷ কর্মৰত অৱস্থাত টোপনি মৰা আপোনাৰ ব্যৱহাৰে কোম্পানীটোৰ সংস্থাপন নীতিত আঘাত কৰিছে৷ কোম্পানীয়ে শূন্য সহনশীল শৃংখলা নীতিক লৈ কেতিয়াও আপোচ নকৰে৷ শ্রমিক ইউনিয়নৰ সৈতে আলোচনা কৰি আপোনাক চাকৰিৰ পৰা বৰ্খাস্ত কৰা হৈছে৷ কেমিকেল কোম্পানীটোৰ এনে সিদ্ধান্ত সম্প্রতি ব্যাপক চর্চাৰ বিষয় হৈ পৰিছে৷ টোপনি মৰাৰ বাবে চাৰি কোটি টকা জৰিমনা আৰু চাকৰিৰ পৰা বৰ্খাস্ত- এনেধৰণৰ ঘটনা বিশ্বতে বিৰল৷

You might also like