জল্পনা–কল্পনাৰ অন্ত : হাইব্রিড মডেলতে হ’ব চেম্পিয়নছ ট্রফী
🔹 পাকিস্তানৰ মুখথেকেচা : ক্ষতিপূৰণৰ পৰাও বঞ্চিত
নিউজ ডেস্ক, ১৪ ডিচেম্বৰ : পাকিস্তানৰ মুখথেকেচা ! অৱশেষত অন্ত পৰিল দীর্ঘদিনৰ পৰা চলি থকা জল্পনা–কল্পনাৰ৷ আইচিচি চেম্পিয়নছ ট্রফী সন্দর্ভত অৱশেষত লোৱা হৈছে চূড়ান্ত সিদ্ধান্ত৷ আইচিচিৰ অধ্যক্ষ হিচাপে জয় শ্বাহে নিযুক্তি লাভ কৰাৰ পিছতেই এই সন্দর্ভত নিশ্চিতভাৱে বিচিচিআইৰ পক্ষত সিদ্ধান্ত আহিব বুলি অনুমান কৰা হৈছিল আৰু এতিয়া এই অনুমানেই কার্যতঃ স্পষ্ট হৈ পৰিছে৷ আইচিচিৰ অধ্যক্ষ হিচাপে জয় শ্বাহে লোৱা সিদ্ধান্তই এতিয়া পাকিস্তানক ক্ষুব্ধ কৰি তুলিছে৷ কেৱল সিমানেই নহয়, এই সিদ্ধান্তই পাকিস্তান ক্রিকেট ব’ৰ্ডক লোকচানৰ মুখলৈও ঠেলি দিছে৷ আইচিচিয়ে চেম্পিয়নছ ট্রফীৰ হাইব্রিড মডেলত অনুমোদন জনাইছে৷ টীম ইণ্ডিয়াই এতিয়া এই প্রতিযোগিতাৰ সকলো মেচ ডুবাইত খেলিব৷ আইচিচিয়ে এই সিদ্ধান্তৰ বাবে পাকিস্তানক কোনো অতিৰিক্ত ধন বা ক্ষতিপূৰণ নিদিয়ে৷ চেম্পিয়নছ ট্রফীৰ হাইব্রিড মডেলৰ বিনিময়ত কোটি কোটি টকা ক্ষতিপূৰণ লাভ কৰিব বুলি আশা প্রকাশ কৰিছিল পিচিবিয়ে৷ যদি ভাৰতীয় দলে প্রতিযোগিতাৰ ফাইনেলত প্রৱেশ কৰে, তেন্তে ফাইনেল মেচখনো ডুবাইতে অনুষ্ঠিত হ’ব৷ অৱশ্যে টীম ইণ্ডিয়াই যদি ফাইনেলৰ পূর্বে বিদায় লয়, তেতিয়া পূর্ব নির্ধাৰিত সিদ্ধান্ত অনুসাৰে লাহোৰত ফাইনেল মেচ অনুষ্ঠিত হ’ব৷ অৱশ্যে এই সন্দর্ভত আইচিচিয়ে এতিয়ালৈকে কোনো আনুষ্ঠানিক ঘোষণা কৰা নাই৷ ইপিনে, ২০২৬ চনত হ’বলগীয়া টি–২০ বিশ্বকাপৰ ভাৰত আৰু পাকিস্তানৰ মেচ কলম্বোত অনুষ্ঠিত হ’ব৷