নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাকিস্তানত সোমাই হত্যা কৰিম সন্ত্রাসবাদীক

নিয়মীয়া বাৰ্তা ডিজিটেল, ৭ এপ্ৰিলঃ চুবুৰীয়া দেশ পাকিস্তানে লালন-পালন কৰা সন্ত্রাসবাদীক কঠোৰ বার্তা কেন্দ্রীয় প্রতিৰক্ষা মন্ত্রী ৰাজনাথ সিঙৰ৷ সীমান্তৰ সিপাৰৰ পৰা ভাৰতীয় ভূমিত প্রৱেশ কৰি জম্মু–কাশ্মীৰকে ধৰি দেশৰ বিভিন্ন প্রান্ত অশান্ত কৰি তোলা সন্ত্রাসবাদীক সকীয়নি দি কেন্দ্রীয় প্রতিৰক্ষা মন্ত্রী সিঙে কয় যে যদি পাকিস্তানে সন্ত্রাসবাদীক ভাৰতলৈ প্রেৰণ কৰা প্রক্রিয়া অব্যাহত ৰাখে, সন্ত্রাসবাদীক লালন পালন কৰি থাকে, তেতিয়াহ’লে দেশখনৰ ভিতৰত সোমাই সন্ত্রাসবাদীক হত্যা কৰিম যদি কোনো সন্ত্রাসবাদীয়ে ভাৰতক অশান্ত কৰি পুনৰ পাকিস্তানলৈ উভতি যায়, তেতিয়াহ’লে ভাৰতে পাকিস্তানত প্রৱেশ কৰি সেই সন্ত্রাসবাদীক হত্যা কৰিব৷ উল্লেখ্য যে ভাৰতে সন্ত্রাসবাদীৰ বিৰুদ্ধে শূন্য সহনশীলতা নীতি গ্রহণ কৰাৰ লগতে সন্ত্রাসবাদৰ লগতে কঠোৰ ব্যৱস্থা গ্রহণ কৰিবলৈ কোনো কুণ্ঠাবোধ নকৰে বুলি চুবুৰীয়া ৰাষ্ট্রখনক পৰোক্ষভাৱে সকীয়নি দিয়ে প্রতিৰক্ষা মন্ত্রী সিঙে৷ উল্লেখ্য যে ২০১৯ চনত পাকিস্তানী সন্ত্রাসবাদীয়ে পুলৱামাত চিআৰপিএফৰ ওপৰত আত্মঘাতী আক্রমণ কৰাৰ পিছৰে পৰা দুয়োখন দেশৰ মাজত উত্তেজনা চলি আছে৷ ভাৰতে এই সন্ত্রাসবাদী আক্রমণৰ প্রতিশোধ ল’বলৈ পাকিস্তানৰ বালাকোটত বায়ুসেনাৰ দ্বাৰা ছার্জিকেল ষ্ট্রাইক চলাইছে৷ এই প্রসংগ উত্থাপন কৰিয়েই আজি প্রতিৰক্ষা মন্ত্রীগৰাকীয়ে চুবুৰীয়া দেশখনক সকীয়নি দিয়ে৷

You might also like