আমেৰিকাক বাদ দি ইউক্রেইনক ৰক্ষাৰ সংকল্প ইউৰোপৰ
🔹 ড’নাল্ড ট্রাম্পৰ ওপৰত ভৰসা নাই !
🔹 ৰোমানিয়াত ‘নাটো’ৰ ইউৰোপীয় দেশৰ যুদ্ধৰ অনুশীলন
নিউজ ডেস্ক, ২৩ ফেব্রুৱাৰী : ৰুছ সেনাৰ আক্রমণ প্রতিহত কৰিবলৈ ইউক্রেইনলৈ ভৱিষ্যতলৈ সামৰিক সাহায্য প্রেৰণ নকৰাৰ সিদ্ধান্ত লৈছে আমেৰিকাই৷ ইতিমধ্যে মার্কিন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে সেয়া স্পষ্ট কৰি দিছে৷ এই পৰিস্থিতিত ৱাশ্বিংটনক ভৰসা নকৰি সক্রিয়ভাৱে ইউক্রেইনৰ পক্ষত অৱস্থান গ্রহণ কৰাৰ সিদ্ধান্ত লৈছে ইউৰোপীয় দেশসমূহে৷ ‘নাটো’ সামৰিক জোঁটৰ ইউৰোপীয় সদস্য দেশসমূহে ইতিমধ্যে প্রতিৰোধী যুদ্ধৰ কুচকাৱাজ আৰম্ভ কৰিছে৷ চলিত সপ্তাহতেই ব্রিটেইন–ফ্রান্সসহ ইউৰোপৰ ৯খন দেশৰ দহ সহস্রাধিক সেনাই ৰোমানিয়াৰ মাটিত আৰম্ভ কৰিছে সর্বাত্মক যুদ্ধৰ অনুশীলন৷ ইউক্রেইন সীমান্তৰ পৰা মাত্র ২৫ কিলোমিটাৰ দূৰৈত ইউৰোপীয় প্রতিৰক্ষা ব্যৱস্থাক শক্তিশালী কৰাৰ উদ্দেশ্যে আৰম্ভ কৰা এই সামৰিক অনুশীলনৰ নাম দিয়া হৈছে ‘ষ্টেডফাষ্ট ডার্ট ২০২৫’৷ অকল ৰোমানিয়াই নহয়, আগন্তুক ৬ সপ্তাহ ধৰি এই যুদ্ধৰ অনুশীলন চলিব পূব ইউৰোপৰ অন্য এখন দেশ বুলগেৰিয়াতো৷ ইয়াৰ লগতে কৃষ্ণসাগৰ অঞ্চলত মোতায়েন কৰা ৰুছ নৌ সেনাৰ ঘাটিক চাপত পেলাবলৈ গ্রীচকো অন্তর্ভুক্ত কৰা হৈছে শেহতীয়া যুদ্ধ অনুশীলনত৷ কেইবাটাও পাশ্চাত্যৰ সংবাদ মাধ্যমে দাবী কৰা অনুসৰি পৰৱর্তী পর্যায়ত ৰুছ আক্রমণ প্রতিহত কৰিবলৈ ইউক্রেইনৰ ভূমিতো সেনা মোতায়েনৰ পৰিকল্পনা চলাইছে ‘নাটো’ৰ সদস্য ইউৰোপীয় দেশসমূহে৷ এনে পৰিস্থিতিত ট্রাম্পৰ আমন্ত্রণত আমেৰিকালৈ যোৱাৰ পূর্বে ফ্রান্সৰ ৰাষ্ট্রপতি ইমানুৱেল মেক্রনে উল্লেখ কৰে যে ইউক্রেইনৰ পক্ষত থাকিব ইউৰোপীয় দেশসমূহ৷ লক্ষণীয়ভাৱে ইউক্রেইন বিষয়টোক লৈ ‘নাটো’ গোষ্ঠীৰ মাজত আৰম্ভ হৈছে মতানৈক্য৷ ইয়াৰ মাজতে মার্কিন ৰাষ্ট্রপতি ট্রাম্পে অভিযোগ কৰিছে যে ইউক্রেইন–ৰাছিয়াৰ মাজৰ যুদ্ধৰ অৱসান ঘটাবলৈ ফৰাচী ৰাষ্ট্রপতি মেক্রন তথা ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰমাৰে কোনোধৰণৰ পদক্ষেপ গ্রহণ নকৰিলে৷ মূল বিষয়টো হৈছে আমেৰিকাই একপক্ষীয়ভাৱে ৰাছিয়াৰ সৈতে যুদ্ধৰ অৱসানৰ বাবে আলোচনা কৰিছে যদিও ইউক্রেইন আৰু ইউৰোপীয় দেশসমূহক কোনো গুৰুত্ব দিয়া নাই৷ গতিকে এই বিষয়টোত ক্ষুব্ধ হৈ পৰিছে ইউৰোপ৷