নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রতি বছৰে ২ মিলিমিটাৰকৈ উচ্চতা বৃদ্ধি এভাৰেষ্টৰ

🔹 ইউনিভার্ছিটী কলেজ লণ্ডনৰ গৱেষণাত উদ্বেগজনক তথ্য

নিউজ ডেস্ক, ৭ অক্টোবৰ : প্রকৃতিৰ সৃষ্টি অনুপম–অতুলনীয়ই নহয়, কেতিয়াবা কেতিয়াবা ৰহস্যজনকো৷ মানৱসৃষ্ট কাৰকৰ বাবে গোলকীয় উষ্ণতা আৰু জলবায়ু পৰিৱর্তনে প্রকৃতিৰ অনুপম সৃষ্টিত ভাবুকি আনিছে৷ পৃথিৱীৰ অস্তিত্বৰ প্রতি ভাবুকি কঢ়িয়াই আনিছে জলবায়ু পৰিৱর্তনে৷ ইয়াৰ মাজতো বীৰদর্পে নিজৰ স্থিতি বাহাল ৰখাই নহয়, দিনে দিনে স্থিতি উন্নত কৰি আছে এভাৰেষ্ট শৃংগই৷ জলবায়ু পৰিৱর্তনে এভাৰেষ্ট শৃংগৰ উচ্চতাত নেতিবাচক প্রভাৱ পেলাব পৰা নাই৷ ইয়াৰ বিপৰীতে অস্বাভাৱিক কাৰকত বছৰে বছৰে এভাৰেষ্ট শৃংগৰ উচ্চতা বৃদ্ধি পাই আছে৷ বিশ্বৰ সর্বোচ্চ পর্বত শৃংগ এভাৰেষ্টৰ উচ্চতা প্রতিবছৰে বাঢ়ি আছে বুলি গৱেষকে চমকপ্রদ তথ্য প্রকাশ কৰিছে৷ ইউনিভার্ছিটী কলেজ লণ্ডনৰ গৱেষকৰ দল এটাই এভাৰেষ্ট শৃংগৰ উচ্চতা প্রতিবছৰে ২ মিলিমিটাৰকৈ বৃদ্ধি পাই থকাৰ চমকপ্রদ তথ্য প্রকাশ কৰিছে৷ নেচাৰ জিঅ’ ছায়েঞ্চত প্রকাশিত গৱেষণাৰ প্রতিবেদন অনুসৰি, পৃথিৱীৰ সর্বোচ্চ শৃংগ এভাৰেষ্টৰ উচ্চতা বছৰে বছৰে ২ মিলিমিটাৰ বৃদ্ধি পোৱাৰ আঁৰত আছে অস্বাভাৱিক কাৰক৷ যিটো সাধাৰণতে গৱেষক, ভূ–বিজ্ঞানীসকলে বিশেষভাৱে ধাৰণা কৰা নাছিল৷ গোলকীয় উষ্ণতা আৰু জলবায়ু পৰিৱর্তনে এভাৰেষ্ট শৃংগৰ উচ্চতাত ব্যাঘাত জন্মাব বুলি ধাৰণা কৰা হৈছিল যদিও ইয়াৰ বিপৰীতে এক অস্বাভাৱিক কাৰণত শৃংগটোৰ উচ্চতা বৃদ্ধি পাই আছে৷ বছৰে বছৰে ২ মিলিমিটাৰকৈ শৃংগটোৰ উচ্চতা বৃদ্ধি হোৱাত শৃংগটোৰ উচ্চতা তথ্য মতে ১৬৪ ফুট বৃদ্ধি পাইছে৷ অস্বাভাৱিক কাৰক মতে, এভাৰেষ্ট শৃংগটোৰ নামনিৰ নদীসমূহত খহনীয়াৰ ফলত পর্বতমালা পাতল হৈ পৰিছে৷ ইয়াৰ পৰিপ্রেক্ষিতত তৰল আৱৰণে শৃংগটোক ওপৰলৈ ঠেলি দি আছে৷ ইয়ে প্রতিবছৰে শৃংগটোৰ উচ্চতা ২ মিলিমিটাৰকৈ বর্ধিত কৰিছে৷ গৱেষকৰ দলৰ অন্যতম আডম স্মিথে প্রকাশ কৰা মতে, এভাৰেষ্ট শৃংগ প্রাচীন আৰু কিংবদন্তি পর্বতমালা, ই এতিয়াও বর্ধিত হৈ আছে৷ বর্তমান এভাৰেষ্ট শৃংগৰ উচ্চতা ৮,৮৪৮ মিটাৰ তথা ২৯,০৩২ ফুট৷ বিশ্বৰ দ্বিতীয় সর্বোচ্চ শৃংগ কে–২তকৈ আঢ়ৈশ মিটাৰ অধিক৷ ইও এক অস্বাভাৱিক৷ কিয়নো দ্বিতীয় সর্বোচ্চ শৃংগৰ পাছত থকা শৃংগৰ উচ্চতাৰ ব্যৱধান মাথোঁ ৫০ৰ পৰা ১০০ মিটাৰ অধিক৷ সাধাৰণতে সর্বোচ্চ শৃংগৰ ক্ষেত্রত ব্যৱধান অধিক নাথাকে৷ কিন্তু এভাৰেষ্ট শৃংগৰ ক্ষেত্রত এই ব্যৱধান অতি বেছি৷ এভাৰেষ্ট শৃংগ কেৱল অস্বাভাৱিক উচ্চই নহয়, ই বছৰে বছৰে বর্ধিত হৈ গৈ আছে৷ গৱেষকৰ আন এক সদস্য ড০ জিন জেন ডাইয়ে প্রকাশ কৰা মতে, এভাৰেষ্ট অঞ্চলত আশ্চর্যজনকভাৱে নদী ব্যৱস্থা বর্তি আছে৷ ইয়াৰ উজনি অংশত অৰুণ নদী বৈ গৈছে৷ গৱেষকৰ মতে, অৰুণ নদীকে ধৰি বিভিন্ন নদীত গৰাখহনীয়া পর্বতমালাৰ উচ্চতাও বৃদ্ধি কৰি আছে৷ ৮৯ হাজাৰ বছৰ পূর্বে অৰুণ নদী ক’চি নদীৰ সৈতে মিলিত হৈ গৈছিল৷ ইয়াৰ ফলত নদীৰ খহনীয়া ক্ষমতা বর্ধিত হৈছিল আৰু মাউণ্ট এভাৰেষ্ট শৃংগক আৱৰি ৰখা কেইবা বিলিয়ন টন শিল আৰু বালি খহি পৰিছিল৷ অৰুণ আৰু ক’চি নদীৰ খহনীয়াই পর্বতমালাৰ সৈতে সম্পৃক্ত হৈ থকা শিলকে ধৰি বিভিন্ন সামগ্রী খহি পৰাৰ ফলত পৃথিৱীৰ স্তৰৰ তলত থকা তৰল আৱৰণ পাতল আৰু ওপঙি উঠে৷ পৰিণতিত এভাৰেষ্ট শৃংগ পর্বতমালা ওপৰলৈ উঠি থাকে৷ এনে পৰিণতিত এভাৰেষ্ট শৃংগৰ উচ্চতা বছৰে বছৰে বৃদ্ধি পাই আছে৷ গৱেষক স্মিথে প্রকাশ কৰা মতে, পানীৰ ওপৰত সাঁকো ওপঙি থকাৰ দৰে এভাৰেষ্ট শৃংগও আছে বুলি ভাবিব পাৰি৷ এভাৰেষ্ট শৃংগৰ উচ্চতা বর্ধিত হৈ আছে যদিও ই এটা সময়ত নির্ধাৰিত উচ্চতাত থমকি ৰ’ব৷ কিয়নো পর্বতমালাত থকা শিল আৰু আন সামগ্রীৰ ক্ষমতা এটা নির্দিষ্ট পৰিসৰত আছে, যিয়ে এভাৰেষ্ট শৃংগক থিয় কৰাই ৰাখিছে৷ লক্ষণীয় যে এভাৰেষ্ট শৃংগই নহয়, ইয়াৰ ওচৰে–পাঁজৰে থকা পর্বতমালাৰ শৃংগসমূহৰ উচ্চতাও বর্ধিত হৈ আছে৷ পৃথিৱীৰ পঞ্চম উচ্চ মাকালু দ্রুতগতিত বর্ধিত হৈ আছে৷ ইতিমধ্যে ইয়াৰ উচ্চতা ১৯৭ ফুট বৃদ্ধি পাইছে৷

You might also like