নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভোটগণনাৰ পূর্বে ইভিএম হেৰাল ৰাজস্থানত

🔹 যোধপুৰৰ নির্বাচনী বিষয়াক নিলম্বন

বিশেষ বাৰ্তা, ১ ডিচেম্বৰ : “ভোটগণনাৰ পূর্বেই ইভিএম হেৰুওৱা ঘটনাক লৈ উত্তেজনাৰ সৃষ্টি হৈছে ৰাজস্থানৰ যোধপুৰত৷ এই ঘটনাৰ বাবে জিলাখনৰ ভাৰপ্রাপ্ত নির্বাচনী বিষয়াক নিলম্বন কৰা হৈছে৷ ইভিএম চুৰি হোৱা বুলি সন্দেহ কৰিছে কংগ্রেছে৷ এয়া বিজেপিৰ চক্রান্ত বুলি সন্দেহ কৰিছে কংগ্রেছৰ একাংশ নেতাই৷ উল্লেখনীয় যে যোৱা ২৫ নৱেম্বৰত ৰাজস্থানত বিধানসভা নির্বাচনত ভোটগ্রহণ সম্পন্ন হৈছিল৷ প্রশাসনৰ সূত্রই সদৰী কৰা অনুসৰি তাৰ এদিন পিছতে ইভিএমৰ ক’ন্ট্ৰল ইউনিট এটা খোলা হয়৷ অৱশ্যে এই ইভিএম নির্বাচনত ব্যৱহাৰ কৰা হোৱা নাই বুলি দাবী কৰিছে প্রশাসনে৷ জিলা নির্বাচনী বিষয়া পংকজ জাখৰৰ গাড়ীত ৰখা হৈছিল এই ইভিএম৷ নির্বাচনী বিধি অনুসৰি পংকজক নিলম্বন কৰিছে নির্বাচন আয়োগে৷

You might also like