নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রাক্তন প্রেমিকেই ভাবী শহুৰ!

🔹 প্রেমিকৰ পৰিয়ালত উপস্থিত হৈ চকু কপালত উঠিল যুৱতীৰ 

নিউজ ডেস্ক, ১০ এপ্রিল : দুই যুৱক–যুৱতীৰ গভীৰ প্রেম ! সংসাৰ পতাৰ বাবে দুয়ো সিদ্ধান্ত লৈছিল৷ সেইবাবে বিয়াৰ প্রস্তাৱ দিবলৈ যুৱতীয়ে নিজেই প্রেমিকৰ পৰিয়ালৰ সৈতে দেখা কৰিবলৈ গৈছিল৷ প্রেমিকৰ পৰিয়ালত উপস্থিত হৈ যুৱতীৰ চকু কপালত উঠিল৷ প্রেমিকৰ পিতৃক দেখাৰ লগে লগে যুৱতীৰ অৱস্থা কাহিল৷ কাৰণ ভৱিষ্যতৰ শহুৰৰ সৈতে এসময়ত প্রণয়ৰ সম্পর্ক আছিল এই যুৱতীৰ৷ অর্থাৎ প্রেমিকৰ পিতৃ হৈছে যুৱতীৰ প্রাক্তন প্রেমিক৷ জানিব পৰা মতে এই ঘটনা স্কটলেণ্ডৰ৷ ডেটিং এপৰ জৰিয়তে বার্তালাপ হৈছিল যুৱক–যুৱতীৰ৷ প্রথমে বন্ধুত্ব, তাৰ পিছত প্রণয়ৰ সম্পর্ক৷ দীর্ঘদিন প্রণয়ৰ সম্পর্কৰ পিছত দুয়ো বিবাহপাশত আবদ্ধ হোৱাৰ সিদ্ধান্ত লয়৷ বিয়াৰ কথা জনাবলৈ প্রেমিকৰ সৈতে এখন ৰেষ্টুৰেণ্টলৈ যায় যুৱতীয়ে৷ এই ৰেষ্টুৰেণ্টলৈ আমন্ত্রণ জনোৱা হয় প্রেমিকৰ পিতৃ–মাতৃক৷ কিন্তু ভাবী শহুৰেকক দেখাৰ লগে লগে চকু কপালত উঠে যুৱতীগৰাকীৰ৷ এই ব্যক্তিগৰাকী আছিল তেওঁৰ প্রাক্তন প্রেমিক৷ যোৱা বছৰ বৰদিনৰ সময়ত এই ব্যক্তিগৰাকীৰ সৈতে সম্পর্ক গঢ়ি উঠিছিল যুৱতীগৰাকীৰ৷ অৱশ্যে কিছুদিন পিছতে এই সম্পর্ক ভাঙি যায় বুলি যুৱতীগৰাকীয়ে দাবী কৰিছে৷

You might also like