সামর্থ্যৰ ঊর্ধ্বলৈ গৈ পত্নীয়ে সামগ্রী বিচৰাটো মানসিক নির্যাতন
🔹 বিবাহ বিচ্ছেদৰ গোচৰত দিল্লী হাইক’ৰ্টৰ পর্যবেক্ষণ
বিশেষ বাৰ্তা, ৫ ফেব্রুৱাৰী : নিজৰ স্বার্থ পূৰণৰ বাবে স্বামীৰ আর্থিক সামর্থ্যৰ ঊর্ধ্বলৈ গৈ মানসিক আতিশয্য চলোৱা উচিত নহয়৷ স্বামীক সামর্থ্য নোহোৱা সত্ত্বেও নিজৰ প্রয়োজনীয় সামগ্রী বিচাৰি পত্নীয়ে দাবী কৰি থাকিলে তাক মানসিক নির্যাতন হিচাপে গণ্য কৰা হ’ব৷ এক দম্পতীৰ বিবাহ বিচ্ছেদ গোচৰৰ শুনানিত এই পর্যবেক্ষণ আগবঢ়ালে দিল্লী উচ্চ ন্যায়ালয়ে৷ দিল্লী উচ্চ ন্যায়ালয়ৰ তৰফৰ পৰা উল্লেখ কৰা হয় যে স্বামীৰ আর্থিক সামর্থ্যৰ কথা জানিও ক্রমাগতভাৱে তেওঁৰ ওচৰত পত্নীয়ে মূল্যৱান সামগ্রীৰ দাবী জনাই থাকিলে সেই পৰিয়ালত অশান্তিৰ সৃষ্টি হয়৷ ইয়াৰ ফলত স্বামীৰ মানসিক চাপ বৃদ্ধি পায়৷ কেতিয়াও কোনো সংসাৰত এনে ঘটনা কাম্য নহয়৷ বিচাৰপতি সুৰেশ কুমাৰ কাইট আৰু বিচাৰপতি নীলা বঞ্চল কৃষ্ণাৰ বিচাৰপীঠে স্বামীৰ প্রতি পত্নীৰ নিষ্ঠুৰ আচৰণৰ অভিযোগ তুলি বিবাহ বিচ্ছেদত অনুমতি জনায়৷ ইয়াৰ পূর্বে নিম্ন আদালতেও এই দম্পতীক বিবাহ বিচ্ছেদৰ নির্দেশ দিছিল৷ সেই নির্দেশক প্রত্যাহ্বান জনাই উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল মহিলাগৰাকী৷ দিল্লী উচ্চ ন্যায়ালয়ে নিম্ন আদালতৰ ৰায়ে বাহাল ৰাখে৷ আদালতৰ মতে প্রয়োজন আৰু চাহিদাৰ মাজত ভাৰসাম্য ৰক্ষা কৰি চলা উচিত৷