নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১১০ কোটি অন্ধই পাব দৃষ্টিঃ প্রথমবাৰৰ বাবে দৃষ্টিক লৈ প্রস্তাৱ গ্রহণ ৰাষ্ট্রসংঘৰ সাধাৰণ পৰিষদৰ

নিয়মীয়া বাৰ্তা ২৫ জুলাইঃ  বিশ্বৰ অতি কমেও ১১০ কোটি দৃষ্টিহীনতাত ভোগা লোক কিম্বা অন্ধ লোকক দৃষ্টি প্রদানৰ লক্ষ্যৰে প্রথমবাৰৰ বাবে ৰাষ্ট্রসংঘৰ সাধাৰণ পৰিষদত প্রস্তাৱ গ্রহণ কৰা হয়৷ ‘প্রত্যেকৰ কাৰণে দৃষ্টি’ শীর্ষক এই প্রস্তাৱত ৰাষ্ট্রসংঘৰ সাধাৰণ পৰিষদে অনুমোদন জনোৱাৰ পিছতেই বিশ্বৰ ১৯৩খন দেশে তেওঁলোকৰ দেশত থকা দৃষ্টিহীন অথবা অন্ধ লোকৰ দৃষ্টিৰ বাবে কার্যসূচী গ্রহণ কৰিব৷ প্রথমবাৰৰ বাবে ৰাষ্ট্রসংঘত গৃহীত এই প্রস্তাৱটো বাংলাদেশ, এণ্টিগুৱা আৰু আয়াৰলেণ্ডৰ পৃষ্ঠপোষকতাত চলিব৷ এই দেশ তিনিখনক ১০০তকৈ অধিক সদস্য দেশে সহঃপৃষ্ঠপোষকতা কৰিব৷ ৰাষ্ট্রসংঘৰ সাধাৰণ পৰিষদত সম্পূর্ণ ঐক্যমতত এই প্রস্তাৱটো গ্রহণ কৰা হৈছে৷

উল্লেখ্য যে তথ্য মতে বিশ্বত অতি কমেও ২০০ কোটি লোক দৃষ্টিহীনতাত অথবা অন্ধ অৱস্থাত জীৱন যাপন কৰি আছে৷ এনেক্ষেত্রত গোলকীয় পর্যায়ত চকুৰ যত্ন কৰাৰ অতি আৱশ্যকতা আহি পৰিছে৷ যদি এতিয়াই চকুৰ দৃষ্টিক লৈ যতন লোৱা নহয়, তেতিয়াহ’লে ২০৫০ৰ ভিতৰত বিশ্বৰ মুঠ জনসংখ্যাৰ ৫০ শতাংশ লোক দৃষ্টিহীনতাত ভুগিব লাগিব৷ ৰাষ্ট্রসংঘত বাংলাদেশৰ ৰাষ্ট্রদূত ৰাবাব ফাটিমাই প্রথমবাৰৰ বাবে দৃষ্টিৰ ওপৰত গুৰুত্ব আৰোপ কৰি প্রস্তাৱটো উত্থাপন কৰে৷

ৰাষ্ট্রদূতগৰাকীয়ে কয় যে বিশ্বৰ ১১০ কোটি দৃষ্টিহীনতাত ভুগি থকা লোকৰ ভিতৰত ৯০ শতাংশই নিম্ন আৰু মধ্য উপার্জনকাৰী দেশসমূহৰ৷ ইয়াৰে ভিতৰত ৫৫ শতাংশ দৃষ্টিহীনতাত ভুগিছে মহিলা আৰু কন্যাই৷ বিগত কেইবাদশক ধৰি মানৱ জাতিৰ সুদৃষ্টিক লৈ কোনোধৰণৰ প্রস্তাৱ ৰাষ্ট্রসংঘই গ্রহণ কৰাত বিলম্ব কৰি থকাৰ বাবেই বাংলাদেশৰ ৰাষ্ট্রদূতগৰাকীয়ে এইবেলি প্রত্যেকৰ কাৰণে দৃষ্টি শীর্ষক প্রস্তাৱটো উত্থাপন কৰে আৰু ই সকলোৰে সহমতত গৃহীত হয়৷

You might also like