নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুজৰাটৰ পৰা আটক ভুৱা ‘ISROৰ বিজ্ঞানী’

🔹 বিক্ৰম লেণ্ডাৰৰ ডিজাইনৰে জড়িতৰ দাবী মিতুল ত্ৰিবেদীৰ

বিশেষ বাৰ্তা, ৩০ আগষ্ট : বুধবাৰে সন্ধিয়া ৬:০৪ বজাত চন্দ্ৰৰ দক্ষিণ মেৰুত অৱতৰণ কৰে চন্দ্ৰযান ৩ৰ লেণ্ডাৰ বিক্ৰম। পৰৱৰ্তী সময়ত লেণ্ডাৰ বিক্ৰমৰ পৰা চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰে ৰভাৰ প্ৰজ্ঞান। ৰভাৰ প্ৰজ্ঞানে এতিয়া চন্দ্ৰৰ পৃষ্ঠৰ পৰা বিভিন্ন তথ্য সংগ্ৰহ অব্যাহত ৰাখিছে। ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰোৰ সফলতাত দেশবাসীয়ে গৌৰৱ অনুভৱ কৰিছে। এই সময়তে গুজৰাটৰ বাসিন্দা মিতুল ত্ৰিবেদীয়ে এই সফলতাত নিজৰ নাম অন্তৰ্ভুক্ত কৰাৰ চেষ্টা চলায়। বিক্ৰম লেণ্ডাৰৰ চন্দ্ৰপৃষ্ঠত কোমল অৱতৰণৰ পিছত স্থানীয় সংবাদ মাধ্যমত মিতুলে দাবী কৰে যে লেণ্ডাৰ বিক্ৰমৰ সৃষ্টিত তেওঁৰ অৰিহণা আছে। মিতুলে দাবী কৰে যে তেওঁ বিক্ৰম লেণ্ডাৰৰ প্ৰাৰম্ভিক ডিজাইন তৈয়াৰ কৰিছিল। ইছৰোৰ নিযুক্তি-পত্ৰও প্ৰমাণ হিচাপে দেখুৱায় মিতুলে। বিভিন্ন সাক্ষাৎকাৰত তেওঁ নিজকে ইছৰোৰ বিজ্ঞানী বুলি দাবী কৰাৰ সময়তে গুজৰাট আৰক্ষীৰ দৃষ্টিগোচৰ হয় বিষয়টো। তদন্তত আৰক্ষীয়ে গম পালে যে মিতুলে এখন ভুৱা নিয়োগ পত্ৰ বনাই লৈছিল। ভাৰতীয় আইন অনুসৰি মিতুলৰ বিৰুদ্ধে জালিয়াতিৰ গোচৰ ৰুজু কৰে চুৰাটৰ ক্ৰাইম ব্ৰাঞ্চে। এই অভিযোগৰ ভিত্তিত মঙলবাৰে চুৰাট আৰক্ষীয়ে মিতুলক গ্ৰেপ্তাৰ কৰে। আৰক্ষীৰ মতে, মিতুলে ইছৰোৰ বিজ্ঞানী বুলি দাবী কৰি প্ৰতিষ্ঠানটোৰ সন্মান ভেঙুচালি কৰিবলৈ চেষ্টা কৰিছিল। ইছৰোৰ সৈতে তেওঁৰ কোনোধৰণৰ সম্পৰ্ক নাই বুলি প্ৰমাণ পোৱা গৈছে। ভুৱা নিযুক্তি পত্ৰ বনাই নিজকে ইছৰোৰ বিজ্ঞানী বুলি প্ৰমাণ কৰিবলৈ চেষ্টা কৰিছিল মিতুলে। বৰ্তমান তেওঁ আৰক্ষীৰ জিম্মাত।

You might also like