নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মার্কিন মহিলাক ৩০০ টকাৰ নকল অলংকাৰ ৬ কোটিত বিক্রী

🔹 জয়পুৰৰ ব্যৱসায়ীৰ বিৰুদ্ধে প্রতাৰণাৰ গোচৰ

বিশেষ বাৰ্তা, ১১ জুন : ৰাজস্থান ভ্রমণ কৰিবলৈ আহি প্রতাৰণাৰ বলি হ’ল আমেৰিকাৰ মহিলা৷ চেৰিছ নামৰ মার্কিন মহিলাগৰাকী ৰাজস্থানৰ জয়পুৰত এখন অলংকাৰৰ দোকানৰ পৰা গহনা ক্রয় কৰিবলৈ গৈ চৰম প্রতাৰণাৰ বলি হৈছে৷ ৩০০ টকা মূল্যৰ ৰূপৰ অলংকাৰ মহিলাগৰাকীয়ে ক্রয় কৰে ৬ কোটি টকাত৷ এই ৰূপৰ অলংকাৰ সোণৰ পলিচ কৰি বিক্রী কৰিছিল ব্যৱসায়ীয়ে৷ জয়পুৰৰ জোহৰি বজাৰত সংঘটিত হৈছে এই কাণ্ড৷ চলিত বর্ষৰ এপ্রিল মাহত এক প্রদর্শনীত চেৰিছে ৰাজস্থানৰ পৰা ক্রয় কৰা এই অলংকাৰ প্রদর্শন কৰে৷ তেতিয়াই এয়া নকল বুলি জানিব পাৰে বিশেষজ্ঞসকলে৷ লগে লগে চেৰিছে ভাৰতলৈ আহি গহনাৰ দোকানৰ গৰাকী গৌৰৱ ছ’নিৰ সৈতে কাজিয়াত লিপ্ত হয়৷ মহিলাগৰাকীৰ অভিযোগ ছ’নিয়ে অগ্রাহ্য কৰাৰ পিছত জয়পুৰ আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰে মহিলাগৰাকীয়ে৷ ইফালে, ভাৰতস্থিত মার্কিন দূতাৱাসতো এই কথাটো জনায় চেৰিছে৷ মহিলাগৰাকীৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে এক গোচৰ ৰুজু কৰি দোকানখনৰ গৰাকী গৌৰৱ আৰু তেওঁৰ পিতৃ ৰাজেন্দ্র ছ’নিক বিচাৰি অভিযান চলাইছে৷ কিন্তু দুয়ো পিতা–পুত্র বর্তমান পলাতক বুলি আৰক্ষীয়ে সংবাদ মাধ্যমক জনাইছে৷

You might also like