নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সংসদৰ অধিৱেশনত নিজৰেই নগ্ন ছবি প্রদর্শন মহিলা সাংসদৰ

ছবিৰ নেপথ্যত থকা মেকলিউবৰ বার্তাই অকল নিউজিলেণ্ডতে নহয়, সমগ্র বিশ্বৰ নজৰ কাঢ়িছে

সংসদৰ অধিৱেশনত নিজৰেই নগ্ন ছবি প্রদর্শন মহিলা সাংসদৰ

নিউজ ডেস্ক, ৪ জুন : সংসদৰ অধিৱেশন চলা সময়ত উপস্থিত সাংসদসকলক হতবাক কৰিলে এগৰাকী মহিলা সাংসদে৷ সকলোৰে সন্মুখত নিজৰ নগ্ন ছবি দাঙি ধৰে এই মহিলা সাংসদগৰাকীয়ে৷

লৰা মেকলিউব নামৰ মহিলা সাংসদগৰাকীৰ এনে কার্যক লৈ হতবাক হৈ পৰে অন্য সাংসদসকল৷ লক্ষণীয়ভাৱে এই ছবিৰ নেপথ্যত থকা মেকলিউবৰ বার্তাই অকল নিউজিলেণ্ডতে নহয়, সমগ্র বিশ্বৰ নজৰ কাঢ়িছে৷

বিশ্বজুৰি কৃত্রিম মেধা বা এআয়ে যিধৰণে মানুহৰ বাবে আশীর্বাদ কঢ়িয়াই আনিছে, সেইদৰে ভয়াৱহতাৰ কবলত পৰিবলগীয়া হৈছে সাধাৰণ মানুহ৷ এই বিষয়টোত বক্তব্য ৰাখিছিল এচিটি পার্টীৰ সাংসদ মেকলিউবে৷ তেতিয়াই নিজৰ এখন নগ্ণ ছবিৰ প’ষ্টাৰ দাঙি ধৰে সাংসদগৰাকীয়ে৷ এই ছবিখন দাঙি ধৰি মেকলিউবে কয়– ‘এইখন মোৰ নগ্ণ ছবি৷  কিন্তু ছবিখন প্রকৃত নহয়৷ এই ছবিখন প্রস্তুত কৰিবলৈ সময় লাগিছে মাত্র ৫ মিনিট৷’

ইয়াৰ পাছতে সংসদত ক্ষমা বিচাৰি মেকলিউবে কয় যে এআই বা কৃত্রিম মেধাই মানুহক কোন পর্যায়লৈ লৈ গৈছে সেই কথা চিন্তা কৰা প্রয়োজন৷

You might also like