ভয়ংকৰ! তৃতীয় বিশ্বযুদ্ধ ইতিমধ্যে আৰম্ভ হৈছে
নিয়মীয়া বাৰ্তা ডিজিটেল, ১ নৱেম্বৰঃ এফালে মধ্যপ্রাচ্যত ঘনীভূত হৈছে ভয়ংকৰ যুদ্ধৰ আশংকা৷ গাজা–লেবাননত ৰক্তক্ষয়ী যুদ্ধ চলাই আছে ইজৰাইলী সেনাই৷ হামাছ আৰু হিজবুল্লাক উৎখাতৰ বাবে ইজৰাইলে আৰম্ভ কৰা যুদ্ধত ইতিমধ্যে বহু নিৰীহ লোকে প্রাণ হেৰুৱাইছে৷ আনফালে আঢ়ৈ বছৰতকৈ অধিককাল ধৰি চলি আছে ইউক্রেইন আৰু ৰাছিয়াৰ মাজত যুদ্ধ৷ ‘বন্ধু’ দেশ ইউক্রেইনক সঘনে অস্ত্রৰ যোগান ধৰি পৰোক্ষভাৱে এই যুদ্ধত জড়িত হৈছে আমেৰিকা৷ একে সময়তে ৰাছিয়াকো উত্তৰ কোৰিয়াই সহায় কৰিছে৷ এনে পৰিস্থিতিত আশংকাৰ বাণী শুনালে বিখ্যাত বহুজাতিক মার্কিন বেংকিং কোম্পানী জেপি মর্গান ছেজৰ মুখ্য কার্যবাহী বিষয়া (চিইঅ’) জেমি ডিমনে৷ ডিমনে উল্লেখ কৰিছে যে বর্তমান যি পৰিস্থিতি চলি আছে, তাৰ দ্বাৰা এটা কথাই ক’ব পাৰি যে তৃতীয় বিশ্বযুদ্ধ ইতিমধ্যে আৰম্ভ হৈছে এই অগ্ণিগর্ভ পৰিস্থিতিত ইন্ধনৰ দাম, খাদ্য সামগ্রী, আন্তর্জাতিক বাণিজ্য আৰু বিভিন্ন দেশৰ কূটনৈতিক সম্পর্কৰ ওপৰত যুদ্ধবোৰে সুদূৰপ্রসাৰী প্রভাৱ পেলাব পাৰে বুলি ধাৰণা কৰিছে জেমি ডিমনে৷ ডিমনে কয়– ‘আমি অতি ভয়ংকৰ পৰিস্থিতিৰ মাজেৰে গৈ আছোঁ৷ তৃতীয় বিশ্বযুদ্ধ কিন্তু আৰম্ভ হৈ গৈছে৷ বিভিন্ন দেশ চলিত যুদ্ধত জড়িত হৈ পৰিছে৷ এই সংঘাত দিনে দিনে বৃদ্ধি পাইছে৷ বিশ্বাসঘাতকতা বাঢ়িছে৷ ভৱিষ্যতে ইয়াৰ ফল অতি শোচনীয় হ’ব৷’ উল্লেখনীয় যে ২০২২ চনৰ ২৪ ফেব্রুৱাৰীত ইউক্রেইনত সামৰিক অভিযান আৰম্ভ কৰিছিল ৰাছিয়াই৷ এই যুদ্ধৰ পৰাই তৃতীয় বিশ্বযুদ্ধৰ সূচনা হোৱা বুলি দাবী কৰিছে ডিমনে৷