নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইডেনত আজি অঘোষিত ‘ফাইনেল’

🔹 মুখামুখি হ’ব দুই সম্ভাব্য চেম্পিয়ন ভাৰত–দক্ষিণ আফ্রিকা

বিশেষ বাৰ্তা, ৫ নৱেম্বৰ : ইডেনত আজি মুখামুখি হ’ব ভাৰত আৰু দক্ষিণ আফ্রিকা৷ এই মেচখনক লৈ অনুৰাগীৰ মাজত দেখা গৈছে অপৰিসীম উৎসুকতা৷ ক’লা বজাৰত বৃদ্ধি পাইছে টিকটৰ দাম৷ কলকাতা আৰক্ষীয়ে ইতিমধ্যে একাধিক লোকক গ্রেপ্তাৰ কৰিছে৷ বহু অনুৰাগীয়ে শেষ মুহূর্তলৈ এটা মাত্র টিকটৰ বাবে হাহাকাৰ কৰিছে৷ এই মেচখনক লৈ এনে আগ্রহৰ কাৰণ হৈছে কার্যতঃ এইখনেই হ’ব বিশ্বকাপৰ অঘোষিত ‘ফাইনেল’ ৷ চলিত বিশ্বকাপত এই পর্যন্ত এখন মেচতো পৰাজিত হোৱা নাই ভাৰত৷ বর্তমানৰ প্রদর্শনৰ প্রতি লক্ষ্য ৰাখিলে লীগত শীর্ষস্থানতে থাকিব ৰোহিত বাহিনী৷ যদি ভাৰতীয় দলটো ২ নম্বৰ স্থানলৈ অৱনমিত হয়, তেতিয়া এক নম্বৰ স্থান দখল কৰাৰ সুযোগ সবাতোকৈ অধিক থাকিব দক্ষিণ আফ্রিকাৰ৷ অর্থাৎ ১ বনাম ৪ আৰু ২ বনাম ৩ নম্বৰ দলে ছেমিফাইনেল খেলাৰ নিয়ম অনুসৰি দক্ষিণ আফ্রিকাৰ বিৰুদ্ধে ফাইনেলত পুনৰ মুখামুখি হ’ব পাৰে টীম ইণ্ডিয়া৷ ইয়াৰ পূর্বে আজিৰ মেচখন হ’ব একপ্রকাৰ অনুশীলন৷ এইবাৰ বিশ্বকাপত ভাৰতক আৰম্ভণিৰ পৰাই ফাইনেলৰ দাবীদাৰ বুলি কোৱা হৈছিল৷ অষ্ট্রেলিয়াক চেন্নাইত ৬ উইকেটত হৰুৱাই সেই দাবী অধিক শক্তিশালী কৰিছিল ৰোহিতৰ দলে৷ ইয়াৰ পিছত ভাৰতৰ হাতত বিধ্বস্ত হৈছে আফগানিস্তান, পাকিস্তান, বাংলাদেশ, নিউজিলেণ্ড আৰু শ্রীলংকা৷ আনকি বিশ্বকাপৰ মাজত হার্দিক পাণ্ডিয়া আঘাতপ্রাপ্ত হৈ দলৰ পৰা বাহিৰ হোৱাৰ পিছতো বিশেষ ক্ষতি হোৱা নাই৷ এতিয়া কোনো এজন খেলুৱৈৰ ওপৰত নির্ভৰশীল নহয় ভাৰত৷ সকলো বেটাৰৰ বেটৰ পৰা আহিছে ৰান৷ পেচ আৰু স্পিন বিভাগ সমানে সফল৷ এনে অৱস্থাত কাইলৈৰ মেচখন আকর্ষণীয় হোৱাৰ সম্ভাৱনা অধিক৷ কাৰণ নেদাৰলেণ্ডছৰ হাতত পৰাজিত হ’লেও অন্য সকলো মেচত বিজয়ী হৈছে দক্ষিণ আফ্রিকা৷ ভাৰত আৰু দক্ষিণ আফ্রিকাৰ যুঁজ এতিয়া ব্যক্তিগত স্তৰলৈও গৈছে৷ চলিত বিশ্বকাপত সর্বাধিক ৰানৰ তালিকাৰ শীর্ষত আছে কুইণ্টন ডি ক’ক৷ তেওঁৰ বেটৰ পৰা আহিছে চাৰিটা শতৰানসহ ৫৪৫ ৰান৷ তেওঁৰ পিছতে আছে বিৰাট কোহলি৷ এটা শতৰান আৰু চাৰিটা অর্ধশতৰানসহ কোহলিৰ ৰান ৪৪২৷ আনহাতে, দক্ষিণ আফ্রিকাৰ হৈ মার্কো জানছেনে সর্বাধিক ১৬টা উইকেট দখল কৰাৰ বিপৰীতে জশপ্রীত বুমৰাহে ১৫টা আৰু মহম্মদ ছামিয়ে দখল কৰিছে ১৪টা উইকেট৷ আজি ভাৰতক হৰুৱাব পাৰিলে দক্ষিণ আফ্রিকাই শীর্ষস্থানেৰে ছেমিফাইনেললৈ যাব৷ ১৯ নৱেম্বৰত আহেমদাবাদত অনুষ্ঠিত হ’ব বিশ্বকাপৰ ফাইনেল৷ ইয়াৰ পূর্বে ইডেনত হয়তো আজি অঘোষিত ‘ফাইনেল’ খেলখন উপভোগ কৰিব ক্রিকেট অনুৰাগীয়ে৷
খেলৰ সময় : দিনৰ ২ বজা৷

You might also like