নার্ছিং হোমত অগ্নিকাণ্ড, জীৱন্তে দগ্ধ ২০জনৰ প্রাণহানি
🔹 গুৰুতৰভাৱে আহত অৱস্থাত ১৯জনক উদ্ধাৰ
নিউজ ডেস্ক, ১০ এপ্রিল : চীনৰ নার্ছিং হোমত ভয়াৱহ অগ্ণিকাণ্ডত জীৱন্তে দগ্ধ ২০গৰাকী লোক৷ উত্তৰ–পূব চীনৰ চেংডে চহৰৰ এখন নার্ছিং হোমত সংঘটিত হৈছে এই শোকাৱহ দুর্ঘটনা৷ হেবেই প্রদেশৰ চহৰখনৰ নার্ছিং হোমত পৰহি নিশা এই অগ্ণিকাণ্ডৰ ঘটনা সংঘটিত হয়৷ দুঘণ্টা সময় ধৰি চেষ্টা চলাই জুই নির্বাপণ কৰে অগ্ণিনির্বাপক বাহিনীয়ে৷ গুৰুতৰভাৱে আহত অৱস্থাত ১৯গৰাকী লোকক উদ্ধাৰ কৰা হৈছে৷ এই লোকসকলক হাস্পতালত চিকিৎসা প্রদান কৰি থকা হৈছে৷ স্থানীয় প্রশাসনে অগ্ণিকাণ্ডৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে৷ উল্লেখনীয় যে নার্ছিং হোমৰ ভাৰপ্রাপ্ত বিষয়াগৰাকীক গ্রেপ্তাৰ কৰিছে আৰক্ষীয়ে৷ এই অগ্ণিকাণ্ডৰ ঘটনাত কেইবাগৰাকীও বয়োজ্যেষ্ঠ লোকৰ মৃত্যু হৈছে৷ নার্ছিং হোমত পৰিচর্যা কৰা হৈছিল বয়োজ্যেষ্ঠ লোকসকলক৷ নার্ছিং হোমত চিকিৎসা আৰু বয়োজ্যেষ্ঠ লোকৰ শৰীৰ চর্যাৰ বাবে বিশেষ ব্যৱস্থা ৰখা হৈছিল৷ চীনে জ্যেষ্ঠ নাগৰিকসকলৰ বাবে এনে পৰিচর্যা গৃহৰ ব্যৱস্থা কৰিছে৷ ২০২৩ চনতো বেইজিঙৰ এখন ব্যক্তিগত হাস্পতালত অগ্ণিকাণ্ড সংঘটিত হোৱাৰ ফলত ২৩গৰাকী লোকৰ মৃত্যু হৈছিল৷