নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১৪ জুলাইৰ বাষ্টিল দিৱসত আতচবাজী নিষিদ্ধ ফ্ৰান্সত

বিশেষ বাৰ্তা, ১০ জুলাই : যোৱা মাহত যান-বাহন আইন উলংঘা কৰাৰ অপৰাধত আৰক্ষীৰ গুলীত কিশোৰৰ মৃত্যুক লৈ অস্থিৰ হৈ পৰে ফ্ৰান্স। কিশোৰৰ মৃত্যুক কেন্দ্ৰ কৰি প্ৰতিবাদী বিক্ষোভৰ ধাৰাবাহিকতা এতিয়াও অব্যাহত আছে। এনে পৰিস্থিতিত নাগৰিকৰ সুৰক্ষা সন্দৰ্ভত দেওবাৰে ফ্ৰান্সৰ অফিচিয়েল গেজেটত এক নিৰ্দেশনা জাৰি কৰা হয়। য’ত কোৱা হৈছে যে ১৪ জুলাইৰ পৰা ১৫ জুলাইলৈকে আতচবাজীৰ বিক্ৰী, ব্যৱহাৰ আৰু পৰিবহণ বন্ধ থাকিব। উল্লেখ্য যে ১৪ জুলাই ফ্ৰান্সৰ ৰাষ্ট্ৰীয় দিৱস বা বাষ্টিল দিৱস। এনে পৰিস্থিতিত ফ্ৰান্স চৰকাৰে বাষ্টিল দিৱসৰ বাবে নতুন নিৰ্দেশনা জাৰি কৰে। সেই অনুসৰি উৎসৱৰ সময়ত আতচবাজী নিষিদ্ধ কৰা হয়। এই সন্দৰ্ভত ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী এলিজাবেথ বৰ্ণীয়ে বক্তব্য আগবঢ়াইছে। তেওঁ কয়- “উক্ত দুদিনত সাধাৰণ মানুহৰ সুৰক্ষাৰ কথা মনত ৰাখি আতচবাজীৰ ব্যৱহাৰ নিষিদ্ধ কৰা হৈছে। এই সিদ্ধান্ত এইবাবে লোৱা হয় যাতে আতচবাজীৰ ব্যৱহাৰে কোনোধৰণে শান্তি বিঘ্নিত নকৰে।”

You might also like