নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আতচবাজীয়ে ‘গেছ চেম্বাৰ’ত পৰিণত কৰিলে দিল্লীক

বিশেষ বাৰ্তা, ১৪ নৱেম্বৰ : দীপাৱলীৰ পিছত পুনৰ প্রদূষণৰ আচ্ছাদনে ঢাকি পেলালে দেশৰ ৰাজধানী মহানগৰ দিল্লী৷ উচ্চতম ন্যায়ালয়ৰ নির্দেশ উলংঘা কৰি অত্যধিক হাৰত আতচবাজী ফুটোৱা হ’ল দীপাৱলীত৷ তাৰ পিছতে গেছ চেম্বাৰত পৰিণত হ’ল সমগ্র চহৰখন৷ কালি ৰাজধানীৰ ‘এয়াৰ কোৱালিটী ইণ্ডেক্স’ত বতাহৰ মান যথেষ্ট নিম্ন বুলি প্রকাশ কৰা হৈছে৷ অকল দিল্লীয়েই নহয়, উত্তৰ প্রদেশ, তামিলনাডুসহ একাধিক ৰাজ্যত কালি অভাৱনীয়ভাৱে বায়ু প্রদূষণ ঘটা বুলি কেন্দ্রীয় প্রদূষণ নিয়ন্ত্রণ ব’ৰ্ডৰ তৰফৰ পৰা সদৰী কৰা হৈছে৷ কালি পুৱা দিল্লীত বতাহৰ মান ৫০০ৰ সীমা পাৰ হৈ গৈছে বুলি এটা বেচৰকাৰী সংস্থাই দাবী কৰিছে৷ সংস্থাটোৰ সূত্র অনুসৰি কালিৰ দিনটোত বিশ্বৰ ভিতৰতে আটাইতকৈ প্রদূষিত মহানগৰ হৈ পৰিছে দিল্লী৷ অৱশ্যে পুৱা ৮ বজাৰ পিছত পৰিস্থিতি কিছু সলনি হয়৷

You might also like