নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পানীৰ সোঁতে উটুৱাই নিলে টি-৭২ টেংককে ধৰি পাঁচ ভাৰতীয় সেনা জোৱানক

🔹 লাডাখত প্ৰশিক্ষণৰ সময়ত অঘটন

বিশেষ বাৰ্তা, ২৯ জুন : লাডাখত ভাৰত-চীন সীমান্তৰ বোধি নদীৰ পানীৰ সোঁতে উটুৱাই নিলে ভাৰতীয় সেনাৰ পাঁচজন জোৱানক। শুকুৰবাৰে গভীৰ নিশা লেহৰ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ সমীপত সংঘটিত হয় এই দুৰ্ঘটনা। শনিবাৰে পুৱা সেনাই এই ঘটনাটো প্ৰশিক্ষণৰ সময়ত সংঘটিত হোৱা বুলি অৱগত কৰে। ঘটনাটোত পাঁচজন জোৱানৰ মৃত্যু হয়। ইয়াৰ ভিতৰত সেনা বাহিনীৰ এজন কনিষ্ঠ কমিছনড অফিচাৰো আছে । শুকুৰবাৰে নিশা প্ৰায় ১ বজাত প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ সমীপৰ দৌলাত বেগ অল্ডি অঞ্চলত চলি আছিল সেনাৰ প্ৰশিক্ষণ অভিযান। সেনাৰ দলটোৱে টি-৭২ টেংকেৰে বোধি নদী পাৰ হ’বলৈ চেষ্টা চলাইছিল। হঠাৎ নদীৰ পানী বাঢ়িবলৈ ধৰে। সেনাৰ দলটো সতৰ্ক হোৱাৰ আগতেই টেংককে ধৰি সেনা বাহিনীৰ জোৱানকেইজনক পানীৰ সোঁতে উটুৱাই লৈ যায়। ঘটনাৰ কিছু সময়ৰ পাছতে উদ্ধাৰ অভিযান আৰম্ভ হয়। প্ৰথমে এজন জোৱানৰ মৃতদেহ উদ্ধাৰ হোৱাত বাকী চাৰিজনৰ সন্ধান চলি আছিল যদিও পিছত সেনাই বাকী চাৰিজনৰো মৃত্যু হোৱা বুলি সদৰী কৰে। শনিবাৰে এই ঘটনাক লৈ শোক প্ৰকাশ কৰে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে। তেওঁ কয়- লাডাখত সংঘটিত দুৰ্ঘটনাত পাঁচজন সাহসী জোৱানৰ মৃত্যুত আমি দুখী হৈছোঁ। দেশৰ বাবে এই জোৱানসকলৰ অৱদান পাহৰিব নোৱাৰোঁ। তেওঁলোকৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিলোঁ। গোটেই দেশ তেওঁলোকৰ লগত আছে।

You might also like