বিদ্যুৎস্পৃষ্ট হৈ ৫ কানৱাৰ যাত্রীৰ প্রাণহানি
🔹 হৰিদ্বাৰৰ পৰা ওভতাৰ সময়ত উত্তৰ প্রদেশত শোকাৱহ দুর্ঘটনা
বিশেষ বাৰ্তা, ১৬ জুলাই : কানৱাৰ যাত্রালৈ গৈ মৃত্যু হ’ল পাঁচ পুণ্যার্থীৰ ৷ উত্তৰ প্রদেশৰ মেৰটত মিছিল কৰি যোৱাৰ সময়ত বিদ্যুৎস্পৃষ্ট হৈ নিহত হয় এই ৫ ভক্ত ৷ ঘটনাস্থলীতে এজন কানৱাৰ যাত্রীৰ মৃত্যু হোৱাৰ বিপৰীতে অন্য চাৰিজনৰ হাস্পতালত মৃত্যু হৈছে ৷ লক্ষণীয় যে এই বিদ্যুৎস্পৃষ্টৰ ঘটনাত গুৰুতৰভাৱে আহত হৈছে অন্য ৪২গৰাকী লোক ৷ মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি পাব পাৰে বুলি আশংকা কৰিছে চিকিৎসকসকলে ৷ কালি নিশা হৰিদ্বাৰৰ পৰা গংগাজল লৈ উভতিছিল এই পুণ্যার্থীসকল ৷ কানৱাৰ যাত্রা এৰি গাঁৱত প্রৱেশৰ সময়তে এই শোকাৱহ দুর্ঘটনা সংঘটিত হয় ৷