জইছৰ লগতে লস্কৰ-ই-তৈবাৰ ৫ দুর্ধর্ষ সন্ত্রাসবাদী নিহত
🔹 সন্ত্রাসবাদী -ৰ বিৰুদ্ধে ‘অপাৰেচন সিন্দূৰ’ৰ বৃহৎ সফলতা
নিউজ ডেস্ক, ১১ মে’ : পাকিস্তান আৰু পাক অধিকৃত কাশ্মীৰত সন্ত্রাসবাদীৰ ঘাটিত চলোৱা ভাৰতীয় সেনাৰ ‘অপাৰেচন সিন্দূৰ’ত বৃহৎ সফলতা৷ জইছ–ই–মহম্মদৰ মুৰব্বী মাছুদ আজাহাৰৰ ভাতৃ ৰোফ আজাহাৰৰ পিছত খুলশালী দুর্ধর্ষ সন্ত্রাসবাদী ইউছুফ আজাহাৰো নিহত হোৱা বুলি নিশ্চিত হৈছে৷ জইছ–ই–মহম্মদৰ লগতে নিষিদ্ধঘোষিত সংগঠন লস্কৰ–ই–তৈবাৰো কেইবাজনো দুর্ধর্ষ সন্ত্রাসবাদী ‘অপাৰেচন সিন্দূৰ’ত নিহত হৈছে৷ জম্মু–কাশ্মীৰকে ধৰি ভাৰতৰ সংসদ ভৱন, মুম্বাই আক্রমণ, পুলৱামা আক্রমণ আদিত জড়িত জইছ–ই–মহম্মদৰ লগতে লস্কৰ–ই–তৈবাৰ দুর্ধর্ষ নেতা এই অভিযানত নিহত হোৱাটো ভাৰতীয় সেনাৰ বাবে বৃহৎ সফলতা৷ ২২ এপ্রিলৰ পেহেলগামৰ নৰসংহাৰৰ প্রত্যাঘাত হিচাপে ৭ মে’ত ভাৰতীয় সেনাই চলোৱা ‘অপাৰেচন সিন্দূৰ’ত জইছ–ই–মহম্মদৰ মুৰব্বী মাছুদ আজাহাৰৰ পৰিয়ালৰ ১০জন সদস্য নিহত হৈছে৷ ইয়াৰ ভিতৰত কান্দাহাৰ বিমান অপহৰণত জড়িত দুর্ধর্ষ সন্ত্রাসবাদী ৰোফ আজাহাৰো আছে৷ তথ্য মতে, দুর্ধর্ষ সন্ত্রাসবাদী মুদাছাৰ খাদিয়ান খাছ, হাফিজ মহম্মদ জামিন, খালিদ (আবু আকাশা) আৰু মহম্মদ হাছান খানো ‘অপাৰেচন সিন্দূৰ’ত নিহত হৈছে৷ মুদাছাৰ ওৰফে আবু জিন্দাল লস্কৰ–ই–তৈবাৰ জ্যেষ্ঠ কমাণ্ডাৰ৷ মুৰিদকেৰ ঘাটিত কমাণ্ডাৰ জিন্দাল নিহত হৈছে৷ লস্কৰ–ই–তৈবাৰ দুর্ধর্ষ সন্ত্রাসবাদী খালিদ জম্মু–কাশ্মীৰত বিভিন্ন সন্ত্রাসবাদী কার্যকলাপত জড়িত আছিল৷ আফগানিস্তানৰ পৰা অস্ত্র সৰবৰাহত জড়িত মহম্মদ হাছান খান জইছ–ই–মহম্মদৰ দুর্ধর্ষ কমাণ্ডাৰ৷ কাশ্মীৰী মুফ্তি আজগড় খানৰ পুত্র হাছান খান পাকিস্তানত জইছ–ই–মহম্মদৰ অপাৰেচন কমাণ্ডাৰ৷ মন কৰিবলগীয়া যে ‘অপাৰেচন সিন্দূৰ’ৰ সময়ত শতাধিক সন্ত্রাসবাদী নিহত হেছে৷ এই সন্ত্রাসবাদীৰ পৰিচয় লাহে লাহে লাভ কৰিবলৈ সক্ষম হৈছে ভাৰতীয় চোৰাংচোৱা সংস্থাই৷ মন কৰিবলগীয়া যে ভাৰতৰ ভূমিত সন্ত্রাসমূলক কার্যত জড়িত নিষিদ্ধ পাকিস্তানী সন্ত্রাসবাদী সংগঠনৰ দুর্ধর্ষ সদস্যক পাকিস্তানৰ ভূমিতেই হত্যা কৰাটো ভাৰতীয় সেনাৰ বাবে বৃহৎ সফলতা৷