জার্মানী–বেলজিয়ামত বানত মৃত্যু ১২৬জনৰ
নিয়মীয়া বাৰ্তা, ১৭ জুলাইঃ জার্মানীকে ধৰি কেইবাখনো ইউৰোপীয় দেশত প্রলয়ংকৰী বানত প্রাণ হেৰুৱাইছে কমপক্ষেও ১২৬গৰাকী লোকে৷ এই লোকসকলৰ গৰিষ্ঠসংখ্যকৰে মৃত্যু হৈছে পশ্চিম জার্মানীৰ কেইবাখনো প্রদেশত৷ জার্মানীৰ পশ্চিম প্রান্তৰ প্রদেশ ৰাইনলেণ্ড–পেলাটিনেট্ প্রদেশৰ প্রধানমন্ত্রী মালু ড্রেয়াৰে সংবাদ সংস্থা বিবিচিক জনোৱা অনুসৰি এতিয়ালৈকে প্রদেশখনত ৬০গৰাকীতকৈ অধিক লোকে প্রাণ হেৰুৱাইছে৷ মুষলধাৰ বৃষ্টিপাতে সৃষ্টি কৰা এই ভয়াৱহ বানৰ ফলত জার্মানীত কেইবাখনো চহৰৰ বহু আৱাসিক প্রাসাদ বিধ্বস্ত হৈছে৷ কেইবাশ গাড়ী উটুৱাই নিছে পানীৰ কোবাল সোঁতে৷
দেশখনৰ বহুল প্রচলিত সংবাদ পত্র ‘বিল্ড’এ প্রকাশ কৰা অনুসৰি এই বান কাল বান হিচাপে চিহ্ণিত হৈছে৷ বহু পথ বিধ্বস্ত হৈছে বানত৷ ইফালে, প্রতিৱেশী বেলজিয়ামতো বানে সৃষ্টি কৰিছে সংহাৰ৷ বেলজিয়ামত এতিয়ালৈকে ১২গৰাকী লোকৰ মৃত্যু হৈছে৷ অৱশ্যে নেদাৰলেণ্ড, লাক্সেমবার্গ আৰু ছুইজাৰলেণ্ডত এই বানৰ প্রভাৱ পৰিছে যদিও কোনো লোকৰ মৃত্যুৰ বাতৰি অহা নাই দেশকেইখনৰ পৰা৷
উল্লেখনীয় যে জার্মানীৰ পশ্চিম প্রান্তৰ আহৰৱেলাৰত ১৩ শতাধিক লোক সন্ধানহীন হৈ আছে৷ ইউৰোপজুৰি এই বানক লৈ সৃষ্টি হৈছে তীব্র আতংক৷ ইফালে, বিভিন্ন স্থানত সেনা, আৰক্ষী আৰু জৰুৰী সেৱা বিভাগৰ কর্মীসকলে যুদ্ধকালীন তৎপৰতাৰে উদ্ধাৰ অভিযান চলাই আছে৷ জার্মান চেঞ্চেলৰ এঞ্জেলা মার্কেলে জলবায়ু পৰিৱর্তনৰ বিৰুদ্ধে ক্ষিপ্রতাৰে যাৱতীয় ব্যৱস্থা গ্রহণ কৰিব বুলি সংকল্প লোৱাৰ সময়তে ভয়াৱহ প্রাকৃতিক দুর্যোগে দেশখনত সৃষ্টি কৰিছে অথন্তৰ৷