নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বলীউড–টিভি ধাৰাবাহিকৰ জনপ্রিয় অভিনেত্রী সুৰেখা ছিক্রিৰ জীৱনাৱসান

নিয়মীয়া বাৰ্তা, ১৭ জুলাইঃ বিশিষ্ট অভিনেত্রী সুৰেখা ছিক্রিৰ দেহাৱসান ঘটিছে৷ বিগত কেইবাটাও দশক ধৰি বলীউডৰ উপৰি সৰু পর্দাৰ অভিনয়ৰ ক্ষেত্রখনত এক অসামান্য আসন দখল কৰি আছিল অভিনেত্রীগৰাকীয়ে৷ শুকুৰবাৰে পুৱা হূদৰোগত আক্রান্ত হৈ মৃত্যু হয় অভিনেত্রীগৰাকীৰ৷ ৭৫ বছৰীয়া অভিনেত্রীগৰাকীয়ে তিনিবাৰকৈ ৰাষ্ট্রীয় চলচ্চিত্র বঁটা লাভ কৰিবলৈ সক্ষম হৈছে৷ ‘তমস’, ‘মামো’ আৰু ‘বধাই হো’ ছবিত সহঃ অভিনেত্রীৰ চৰিত্রত দক্ষতাৰ পৰিচয় দাঙি ধৰি অভিনেত্রীগৰাকীয়ে ৰাষ্ট্রীয় বঁটা লাভ কৰিছিল৷

বালিকা বধুৰ দৰে জনপ্রিয় টিভি ধাৰাবাহিকৰ জৰিয়তেও দেশৰ দর্শকসকলৰ হূদয় জিনিবলৈ সক্ষম হৈছিল ছিক্রিয়ে৷

স্মর্তব্য যে যোৱাবছৰ ছেপ্টেম্বৰত মগজুত ষ্ট্র’ক পোৱাৰ পাছত কথমপি জীৱন ৰক্ষা পৰিছিল অভিনেত্রীগৰাকীৰ৷ দ্বিতীয়বাৰ ষ্ট্র’ক পোৱাৰ পাছত অভিনেত্রীগৰাকীৰ জীৱন ৰক্ষা কৰাটো চিকিৎসসকলৰ বাবে সম্ভৱ নহ’ল৷ অভিনেত্রীগৰাকীৰ মৃত্যুত শোক প্রকাশ কৰি বিশিষ্ট চলচ্চিত্রকাৰ শ্যাম বেনেগাৰে উল্লেখ কৰে যে ছিক্রিৰ মৃত্যু থিয়েটাৰ আৰু ছবিজগতৰ বাবে বৃহৎ ক্ষতি৷ লক্ষণীয়ভাৱে ছিক্রিৰ মৃত্যুত বলীউডৰ বহু অভিনেতা–অভিনেত্রীৰ লগতে প্রযোজক–পৰিচালক গভীৰ শোক প্রকাশ কৰিছে৷

You might also like