নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুগল মানচিত্র অনুসৰণ কৰি পর্যটকৰ গাড়ী পৰিল নদীত

🔹 কেৰালাত চাঞ্চল্যকৰ ঘটনা : স্থানীয় বাসিন্দাই উদ্ধাৰ কৰিলে যাত্রীক

বিশেষ বাৰ্তা, ২৭ মে’ : গুগল মানচিত্র অনুসৰণ কৰি গাড়ী চলাবলৈ গৈ সৃষ্টি হ’ল সংকট৷ হায়দৰাবাদৰ চাৰিগৰাকী পর্যটকসহ এখন এছইউভি গাড়ী গৈ পৰিল নদীত৷ এই ঘটনাত হতচকিত হৈ পৰা পর্যটককেইগৰাকীক অৱশ্যে স্থানীয় বাসিন্দাসকলে তাৎক্ষণিকভাৱে উদ্ধাৰ কৰে৷ লক্ষণীয়ভাৱে এই ঘটনাক লৈ সৃষ্টি হৈছে চাঞ্চল্য৷ আশ্চর্য প্রকাশ কৰিছে পর্যটকসকলে৷ পৰহি পুৱা হায়দৰাবাদৰ এই পর্যটককেইগৰাকীয়ে কেৰালাৰ কোট্টায়াম জিলাৰ কুৰুপান্থাৰাত উপস্থিত হয়৷ তেওঁলোকেই গৈ আছিল আলাপ্পুঝালৈ৷ কিন্তু বাট–পথ পানীত ডুবি থকা বাবে গাড়ী চলোৱা অসুবিধা হৈছিল৷ সেইবাবে গুগল মানচিত্রক ভৰসা কৰি তেওঁলোকে আগবাঢ়িবলৈ লয়৷ গুগল মানচিত্রই যে ভুল দিশ নির্দেশনা কৰিব, সেই কথা ভাবিব পৰা নাছিল পর্যটককেইগৰাকীয়ে৷ কিছুদূৰ আগবঢ়াৰ পিছতে গাড়ীখন গৈ নদীত পৰে৷ এই ঘটনাৰ খবৰ পোৱাৰ লগে লগে স্থানীয় বাসিন্দাসকল আৰু আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হয়৷ তাৎক্ষণিকভাৱে পর্যটককেইগৰাকীক উদ্ধাৰ কৰে আৰক্ষী আৰু স্থানীয় বাসিন্দাসকলে৷ কিন্তু ইতিমধ্যে এছইউভি গাড়ীখন সম্পূর্ণৰূপে ডুব যায় নদীত৷ উল্লেখনীয় যে যোৱা বছৰো অনুৰূপ দুর্ঘটনা সংঘটিত হৈছিল কেৰালাত৷ যোৱা অক্টোবৰ মাহত কেৰালাৰ দুগৰাকী চিকিৎসকে গুগল মানচিত্র অনুসৰণ কৰি গাড়ী চলাই গৈ নদীত পৰিছিল৷ দুয়োগৰাকী চিকিৎসকে প্রাণ হেৰুৱাবলগীয়া হৈছিল৷ স্মর্তব্য যে গুগল মানচিত্র অনুসৰণ কৰি এতিয়া বিভিন্ন অচিনাকি স্থানৰ ঠিকনা উলিওৱা সম্ভৱ হৈছে যদিও সঘনে এই ধৰণৰ দুর্ঘটনাই উদ্বিগ্ণ কৰিছে সাধাৰণ লোকক৷

You might also like