স্বাধীন ভাৰতত প্ৰথমবাৰৰ বাবে খাদী সামগ্ৰীৰ ১.৩৪ লাখ কোটি টকাৰ ব্যৱসায়
বিশেষ বাৰ্তা, ৯ জুনঃ এক ঐতিহাসিক মাইলৰ খুঁটি স্থাপনেৰে খাদী আৰু গ্ৰামোদ্যোগ আয়োগৰ সামগ্ৰীয়ে প্ৰথমবাৰৰ বাবে ১.৩৪ লাখ কোটি টকাৰ ব্যৱসায়ৰ সীমা অতিক্ৰম কৰিছে। এম এছ এম ই মন্ত্ৰালয়ৰ অধীনস্থ খাদী আৰু গ্ৰামোদ্যোগ আয়োগে খাদী সামগ্ৰীৰ ডিজাইন, নিৰ্মাণ আৰু বিতৰণৰ ক্ষেত্ৰত ‘আত্মনিৰ্ভৰশীল’ হৈ এখন শক্তিশালী ভাৰতৰ সন্তোষজনক ভাবমূৰ্তি দাঙি ধৰিছে। ঐতিহাসিক কৃতিত্ব অৰ্জন কৰি স্বাধীনতাৰ পিছত প্ৰথমবাৰৰ বাবে কেভিআইচিৰ সামগ্ৰীয়ে ১.৩৪ লাখ কোটি টকাৰ ব্যৱসায়ৰ সীমা অতিক্ৰম কৰিছে বুলি এমএছএমই মন্ত্ৰালয়ে এক আনুষ্ঠানিক বিবৃতিত প্ৰকাশ কৰিছে। তদুপৰি, গ্ৰামাঞ্চলত শিপিনীৰ দ্বাৰা নিৰ্মিত থলুৱা খাদী সামগ্ৰীৰ বিক্ৰী বিগত ৯টা বিত্তীয় বৰ্ষত ৩৩২ শতাংশ বৃদ্ধি পাইছে। ২০১৩-১৪ বিত্তীয় বৰ্ষত ৩১,১৫৪ কোটি টকাৰ ব্যৱসায়ৰ পৰা ২০২২-২৩ বিত্তীয় বৰ্ষত ১,৩৪,৬৩০ কোটি টকাৰ ব্যৱসায়েৰে ভাৰতত নিৰ্মিত খাদী সামগ্ৰীৰ বিক্ৰী নতুন উচ্চতালৈ গতি কৰিছে। ভাৰতত খাদী সামগ্ৰীৰ অভিলেখ ভংগকাৰী বিক্ৰীৰ পিছত কেভিআইচিয়েও গ্ৰাম্য অঞ্চলত ৯,৫৪,৮৯৯টা নতুন চাকৰিৰ সৃষ্টি কৰি এক নতুন মাইলৰ খুঁটি স্থাপন কৰিছে বুলি মন্ত্ৰালয়ে লগতে কয়। কেভিআইচিৰ অধ্যক্ষ মনোজ কুমাৰে এই সাফল্যৰ কৃতিত্ব মহাত্মা গান্ধীৰ প্ৰেৰণা আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী পথ প্ৰদৰ্শনৰ লগতে দেশৰ গাঁৱে-ভূঞে কৰ্মৰত শিপিনীসকলে কৰা প্ৰচেষ্টাৰ বাবে প্ৰদান কৰিছে। কুমাৰে কয় যে প্ৰধানমন্ত্ৰী মোদীয়ে দেশ-বিদেশৰ প্ৰতিখন মঞ্চত খাদীৰ প্ৰচাৰ কৰিছে, যাৰ বাবে খাদীয়ে জনপ্ৰিয়তাৰ নতুন শিখৰত উপনীত হৈছে। তেওঁ কয় যে খাদী সামগ্ৰী আজি বিশ্বৰ আটাইতকৈ বিশ্বাসযোগ্য ব্ৰেণ্ডৰ ভিতৰত গণ্য কৰা হয়। ২০১৩-১৪ৰ পৰা ২০২২-২৩লৈ বিত্তীয় বৰ্ষত, য’ত কেভিআইৰ সামগ্ৰীৰ উৎপাদন ২৬৮ শতাংশ বৃদ্ধি পাইছিল, বিক্ৰীয়ে ৩৩২ শতাংশৰ পৰিসংখ্যা স্পৰ্শ কৰি সকলো অভিলেখ ভংগ কৰিছে। এইটোৱেই প্ৰমাণ কৰে যে মানুহে ‘ভ’কেল ফৰ লোকেল’ আৰু ‘স্বদেশী প্ৰডাক্ট’ৰ ওপৰত আস্থা দেখুৱাইছে।