কানাডাৰ ৪০০ স্থানত দাওদাওকৈ জ্বলিছে বনজুই
বিশেষ বাৰ্তা, ২০ আগষ্ট : ভয়াৱহ বনজুইৰ কবলত পৰিছে কানাডা৷ দেশখনৰ ব্রিটিছ কলম্বিয়া প্রদেশত ৪০০ স্থানত দাওদাওকৈ জ্বলি আছে বনজুই৷ তাৎক্ষণিকভাৱে ৩০ সহস্রাধিক পৰিয়ালক নিৰাপদ স্থানলৈ স্থানান্তৰিত হোৱাৰ বাবে নির্দেশ দিছে প্রশাসনে৷ ইফালে, কেল’না চহৰ ভ্রমণৰ ক্ষেত্রত নিষেধাজ্ঞা জাৰি কৰিছে প্রশাসনে৷ সেই চহৰখনৰ সমীপত অগ্ণিকাণ্ডই ভয়াৱহ ৰূপ ধাৰণ কৰিছে৷ পশ্চিম কেল’নাত ইতিমধ্যে বনজুইত বিধ্বস্ত হৈছে কেইবাশও বাসগৃহ৷ দুয়োখন চহৰৰ বাসিন্দা প্রায় এক লাখ ৮০ হাজাৰ৷ এই চহৰ দুখনৰ উপৰি কামলুপছ, অ’লিভাৰ, পেনটিকটন, ভাৰনন আৰু অ’ছ’য়ুছ চহৰ ভ্রমণৰ ক্ষেত্রতো নিষেধাজ্ঞা আৰোপ কৰা হৈছে৷ ব্রিটিছ কলম্বিয়াৰ উত্তৰ প্রান্তত কেইবাশ মাইল অঞ্চল গ্রাস কৰিছে বনজুয়ে৷ কানাডাৰ উত্তৰ–পশ্চিম প্রান্তৰ বিভিন্ন অঞ্চলত ১৯ সহস্রাধিক লোকক ইতিমধ্যে নিৰাপদ স্থানলৈ স্থানান্তৰ কৰা হৈছে৷ উল্লেখনীয় যে বনজুইৰ পৰা উদ্ভৱ হোৱা ক’লা ধোঁৱাৰ ফলত শ্বাস–প্রশ্বাসত কষ্ট পাইছে বহু লোকে৷ ইতিমধ্যে অসুস্থ হৈ পৰিছে কেইবাশ লোক৷ এই লোকসকলক হাস্পতালত চিকিৎসা প্রদান কৰি থকা হৈছে৷ পৰহি পুৱাৰে পৰা বনজুইয়ে ব্রিটিছ কলম্বিয়াত সংহাৰী ৰূপ ধাৰণ কৰে৷ এই জুই নির্বাপণৰ বাবে চেষ্টা চলাই থকা হৈছে যদিও অগ্ণিনির্বাপক বাহিনী সফল হোৱা নাই৷ চলিত বর্ষত কানাডাত সহস্রাধিক স্থানত বনজুয়ে বিভীষিকাৰ ৰূপ ধাৰণ কৰে৷