নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দক্ষিণ কোৰিয়াত বনজুইত ২৪জনৰ প্রাণহানি

🔹 ২৭ সহস্রাধিক লোকৰ ঘৰ এৰি পলায়ন

নিউজ ডেস্ক, ২৭ মার্চ : বিধ্বংসী বনজুইৰ কবলত পৰিছে দক্ষিণ কোৰিয়া৷ দেশখনৰ বিস্তীর্ণ প্রান্তলৈ বিয়পিছে লেলিহান শিখা৷ প্রতিকূল বতৰৰ বাবে জুই নির্বাপণ কৰাৰ ক্ষেত্রত সমস্যাৰ সন্মুখীন হৈছে অগ্ণিনির্বাপক বাহিনী তথা সেনা৷ ইতিমধ্যে বিধ্বংসী এই বনজুইত প্রাণ হেৰুৱাইছে ২৪গৰাকী লোকে৷ গৃহহীন হৈছে ২৭সহস্রাধিক লোক৷ পুৰি ছাই হৈ গৈছে ঐতিহাসিক বৌদ্ধ মন্দিৰ৷ লক্ষণীয়ভাৱে এই বিধ্বংসী অগ্নিকাণ্ডত গুৰুতৰভাৱে আহত হৈছে অন্য ২৬গৰাকী লোক৷ আহতসকলৰ ১২জনৰ অৱস্থা অতি সংকটজনক বুলি সংবাদ সংস্থাই সদৰী কৰিছে৷ দক্ষিণ কোৰিয়াৰ ইতিহাসত এয়া আটাইতকৈ ভয়াৱহ অগ্ণিকাণ্ডৰ ঘটনা হিচাপে চিহ্ণিত হৈছে। জাৰি কৰা হৈছে জৰুৰী অৱস্থা৷ বিশেষকৈ দেশখনৰ দক্ষিণ প্রান্তত বনজুয়ে ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিছে৷ যোৱা ২১ মার্চত ৰাজধানী ছিউলৰ প্রায় ৩০০ কিলোমিটাৰ দক্ষিণ প্রান্তত অৱস্থিত চহৰ গিয়ংছাঙত এই বনজুইৰ সূত্রপাত ঘটে৷ ইয়াৰ পিছতেই বিস্তীর্ণ অঞ্চললৈ বিয়পি পৰে বনজুই৷ বনজুই নির্বাপণ কৰিবলৈ অগ্ণিনির্বাপক বাহিনীৰ লগতে সেনা আৰু সাধাৰণ নাগৰিকেও চেষ্টা চলাইছে৷ ইতিমধ্যে ১৫ হাজাৰ হেক্টৰ অঞ্চল পুৰি ছাই হৈছে৷ লক্ষণীয়ভাৱে এই বনজুইৰ ৰুদ্র ৰূপত সম্পূর্ণৰূপে জাহ গৈছে ঐতিহাসিক গৌনছা মন্দিৰ৷ এই মন্দিৰটো ৬৮১ খ্রীষ্টাব্দত নির্মাণ কৰা হৈছে৷ তদুপৰি ইউনেস্ক’ৰ ঐতিহ্যপূর্ণ ক্ষেত্র হিচাপে চিহ্ণিত বিভিন্ন অঞ্চললৈও বনজুয়ে কঢ়িয়াই আনিছে আতংক৷ প্রশাসনৰ সূত্রই সদৰী কৰা অনুসৰি ইতিমধ্যে ২৭ সহস্রাধিক লোকে বনজুইৰ কবলত পৰা অঞ্চলৰ পৰা পলায়ন কৰিছে৷ বহু লোকক সেনাই উদ্ধাৰ কৰি নিৰাপদ স্থানলৈ স্থানান্তৰো কৰিছে৷

You might also like