জর্জিয়াৰ ৰাষ্ট্রপতি নির্বাচিত প্রাক্তন ফুটবলাৰ মিখায়েল
নিউজ ডেস্ক, ১৬ ডিচেম্বৰ : জর্জিয়াৰ ৰাষ্ট্রপতি নির্বাচিত হৈছে প্রাক্তন ফুটবলাৰ মিখায়েল কাভেলাছভিলি৷ দেশৰ হৈ ৪৬খন মেচ খেলিছিল প্রাক্তন ষ্ট্রাইকাৰগৰাকীয়ে৷ মানচেষ্টাৰ চিটীৰ হৈ খেলিছিল ইংলিছ প্রিমিয়াৰ লীগত৷ ফুটবলৰ পৰা অৱসৰ গ্রহণৰ পিছত ৰাজনীতিত যোগ দিয়ে তেওঁ৷ ২৯ ডিচেম্বৰত মিখায়েলে আনুষ্ঠানিকভাৱে ৰাষ্ট্রপতিৰ দায়িত্ব গ্রহণ কৰিব৷ ৰাছিয়াৰ ৰাষ্ট্রপতি ভ্লাডিমিৰ পুটিনৰ ঘনিষ্ঠ হিচাপে পৰিচিত তেওঁ৷ ১৯৮৫ৰ পৰা ১৯৯৭ পর্যন্ত তেওঁ মানচেষ্টাৰ চিটীৰ হৈ ২৮খন মেচ খেলি তিনিটা গ’ল দিছিল৷ আন্তর্জাতিক ফুটবলত তেওঁৰ গ’লৰ সংখ্যা ৯টা৷ ২০০২ চনত আন্তর্জাতিক ফুটবলৰ পৰা তেওঁ অৱসৰ গ্রহণ কৰিছিল৷